গুৱাহাটী : মহানগৰীত নাহৰফুটুকী বাঘৰ সন্ত্ৰাস। পুৱাৰ ভাগত পাণ্ডুত এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘে সন্ত্ৰাস চলায়। নাহৰফুটুকী বাঘটোত আক্ৰমণত আহত হয় এগৰাকী মহিলা। বন বিভাগৰ প্ৰচেষ্টত পিঞ্জৰাবদ্ধ হয় নাহৰফুটুকী বাঘটোক।

মঙলবাৰে পুৱাৰ ভাগত মহানগৰী গুৱাহাটীৰ পাণ্ডুত এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘে সন্ত্ৰাস চলায়। বনাঞ্চলৰ পৰা ওলাই আহি নাহৰফুটুকী বাঘটো জনাঞ্চলত প্ৰৱেশ কৰি দিন দুপৰতে সন্ত্ৰাস চলাই ৰাইজক আতংকিত কৰি তোলে। নাহৰফুটুকী বাঘটো দেখা পাই ৰাইজৰ মাজত হুৱাদুৱা লগে।

ৰাজপথৰ ওপৰত নাহৰফুটুকী বাঘটোৰ মুক্ত বিচৰণ দেখি ৰাইজ আতংকিত হৈ ইফালে সিফালে পলায়ন কৰে। পাণ্ডু ল’ক’ কলনীত নাহৰফুটুকী বাঘটোৱে এগৰাকী মহিলাক আক্ৰমণ কৰে। নাহৰফুটুকী বাঘটোৰ আক্ৰমণত মহিলা গৰাকী গুৰুত্বৰভাৱে আহত হয়।

নাহৰফুটুকী বাঘটোৰ আক্ৰমণৰ আহত হোৱা মহিলা গৰাকীৰ নামমঞ্জু ভট্টাচাৰ্য বুলি জানিব পৰা গৈছে। ৰাইজে মহিলা গৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। মহিলা গৰাকীক আক্ৰমণ চলাই নাহৰফুটুকী বাঘটো পলায়ন কৰি প্ৰকাণ্ড গছ এজোপাৰ ওপৰত আশ্ৰয় লায়।

পৰৱৰ্তী সময়ত বন বিভাগৰ লোকক খবৰ দিয়াত ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হয়। বন বিভাগৰ লোকে দীর্ঘসময় ধৰি প্ৰচেষ্টা চলাই নাহৰফুটুকী বাঘটোক পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হয়। বন বিভাগে নাহৰফুটুকী বাঘটোক অসম ৰাজ্যিক চিৰিয়াখানালৈ প্ৰেৰণ কৰে।