গুৱাহাটী : মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৩১ ডিচেম্বৰত এটাও পথ-দুৰ্ঘটনা আৰু দুৰ্ঘটনাজনিত মৃত্যু সংঘটিত নহয় বুলি অঙ্গীকাৰ কৰাৰ লগতে এইক্ষেত্ৰত সৰ্বস্তৰৰ ৰাইজৰ সহযোগিতা বিচাৰি জনোৱা আহ্বানৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াই মহানগৰীৰ বিভিন্ন প্ৰান্তৰ অৰ্ধশতাধিক যুৱক বাইকলৈ ওলাই আহি গণেশগুৰিৰ উৰণীয়া সেঁতুৰ তলত মিলিত হৈ এক জনসচেতনতা বাইক ৰেলী উলিয়াই। উল্লেখ্য যে, স্পেছবাৰ্জ আৰু অসম যুৱ পৰিষদৰ মহানগৰ সমিতিৰ উদ্যোগত আৰু পৰিবহণ বিভাগৰ সহযোগত দেওবাৰে পুৱাৰ ভাগত এই জনসচেতনতা বাইক ৰেলী উলিওৱা হয়। বাইক ৰেলীৰ আগমুহূৰ্তত গণেশগুৰিৰ উৰনীয়া সেঁতুৰ তলত অনুষ্ঠিত এখন জনসচেতনতা সভাত অংশগ্ৰহণ কৰি সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে যোৱা সময়চোৱাত পথ দুৰ্ঘটনাত নিহত লোকৰ এক পৰিসংখ্যা ডাঙি ধৰি বিশেষকৈ যুৱপ্ৰজন্মক উদ্দেশ্যি কয় যে বীৰ লাচিতৰ দেশত জন্ম হোৱা তেজাল ডেকাৰ লগতে আন কোনো লোককে আমি পথ দুৰ্ঘটনাত প্ৰাণহানি হ’বলৈ নিদিও। প্ৰতিগৰাকী অভিভাৱককে নিজৰ সন্তানক পথ সুৰক্ষা আইন মানি চলিবলৈ বাধ্য কৰালে সমাজৰ প্ৰতি ডাঙৰ সহযোগিতা আগবঢ়োৱা হ’ব বুলি কৈ যুৱপ্ৰজন্মক উদ্যেশি তেওঁ কয় যে অকাল মৃত্যু হাতৰ মুঠিত লৈ তীব্ৰবেগত বাইক চলোৱাৰ প্ৰতিযোগিতাত নামিলে নহ’ব ।

নিজৰ দেহাটো ৰক্ষা কৰি হেলমেট, ছীটবেল্ট আদি পৰিধান কৰি যান বাহন আইন মানি চলিব লাগিব বুলি কয় পৰিবহন বিষয়া গৰাকীয়ে। ইফালে কেৱল যান বাহন আইন ভংগকাৰীৰ বিৰুদ্ধেই যোৱা তিনি বছৰত প্ৰায় ১০০ কোটিৰ ওচৰত জৰিমনা আদায় কৰিবলগীয়া কথাটোত আশ্চৰ্য প্ৰকাশ কৰি পৰিবহন বিষয়া গৰাকীয়ে কয় যে যানবাহন ব্যৱহাৰকাৰীৰ অকণমান সজাগতা-সচেতনতাৰ অভাৱৰ বাবেই ইমানবোৰ জৰিমনা ভৰিবলগা হয়। কেৱল এয়াইটো নহয়, পথ দুৰ্ঘটনাত নিহত হৈ পৰিয়ালটোক নিঠৰুৱা কৰাৰ লগতে চিৰজীৱনলৈ পংগুতক আকোৱালি লৈ মৰণকাতৰ জীৱন যাপন কৰিবলগীয়া ছবিখনটো আৰু ভয়াবহ। সেয়ে এনেবোৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে অতি বিনয়েৰে ৩১ ডিচেম্বৰত পথ দুৰ্ঘটনা আৰু মৃত্যুৰোধৰ বাবে জনোৱা আহ্বানৰ গুৰুত্ব উপলব্ধিৰে আন্তৰিকতাৰে সহযোগ কৰি মুখ্যমন্ত্ৰীৰ আগন্তুক দিনৰ দুৰ্ঘটনামুক্ত অসমৰ সপোন বাস্তৱত ৰূপায়িত কৰাত সহযোগ কৰি নিজৰ লগতে আনৰো জীৱন সুৰক্ষিত কৰিবলৈ তেওঁ সকলো ৰাইজৰ প্ৰতি হাতজোৰ কৰি আহ্বান জনায়। বিশিষ্ট সাংবাদিক তথা “ দি এ নিউজ” প্লাছৰ মুখ্য সম্পাদক প্ৰণয় বৰদলৈয়ে সজাগতা অনুষ্ঠানটিত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীৰ দুৰ্ঘটনামুক্ত ৩১ ডিচেম্বৰৰ আহ্বান আচলতে এইসময়ৰ অতি গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি উল্লেখ কৰি সকলো লোককে সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনায়।

বিশিষ্ট অভিনেতা যতিন বৰাই জনসচেতনতা বাইক ৰেলীত অংশগ্ৰহণ কৰি ৰাজ্যত প্ৰথমবাৰৰ বাবে পথ সুৰক্ষাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ইমান গুৰুত্বসহকাৰে আহ্বান জনোৱা কথাটো হৃদয়ঙ্গম কৰিব পাৰিলেই ইয়াৰ সমাধানৰ পথ আমি আমাৰ সাৱধানতা, সজাগতাৰ মাজতে বিচাৰি পাম বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰি ৩১ ডিচেম্বৰৰ আনন্দ-উলাহত মতলীয়া হৈ অত্যাধিক সুৰাপান কৰি গাড়ী চলোৱাৰ বাবেই বিগত বহু সময়ত এটা নতুন বছৰৰ আৰম্ভণিৰ দিনটোতে পথ দুৰ্ঘটনাত নিহতৰ ছবি দেখি আতংকিত হ’বলগীয়া কথাটো উল্লেখ কৰে৷ এনেকুৱা দুৰ্ঘটনাতে “ভায়ামামা”, অন্যান্য বিহু দলকে ধৰি বিভিন্ন শিল্পীক হেৰুৱাই অসমবাসীয়ে আজিও চকুপানী টুকিবলগীয়া মৰ্মান্তিক ঘটনাৰ কথাও উল্লেখ কৰি যানবাহন আইন মানি চলাৰ বাবে আহ্বান জনোৱাৰ লগতে মুখ্যমন্ত্ৰীৰ দুৰ্ঘটনামুক্ত অসমৰ সপোন বাস্তবত ৰূপায়িত কৰাৰ বাবে সমাজৰ সকলো শিল্পী, কলাকুশলীক আগবাঢ়ি আহিবলৈ আহ্বান জনায়। উল্লেখ্য যে বাইক ৰেলী উপলক্ষে অনুষ্ঠিত সজাগতা অনুষ্ঠানটিত অংশগ্ৰহণ কৰি অসম গন পৰিষদৰ সাধাৰণ সম্পাদক মনোজ শইকীয়া, অসম বাণিজ্য প্ৰসাৰ সন্থাৰ অধ্যক্ষ সুনিল ডেকা, অসম যুৱ পৰিষদৰ নেতা বিজু ডেকা আৰু সীমান্ত ঠাকুৰীয়া উপষ্ঠিত থাকি কোনেও যাতে অত্যাধিক সুৰাপান কৰি গাড়ী নচলায় সেই কথাৰ প্ৰতি বিশেষভাৱে সতৰ্ক কৰি দিয়াৰ লগতে দুচকীয়া বাহনৰ চালক-যাত্ৰী উভয়ে হেলমেট, চাৰিচকীয়া বাহনৰ চালকে ছীটবেল্ট পৰিধান কৰা আৰু তীব্ৰবেগ পৰিহাৰ কৰাৰ ক্ষেত্ৰত সচেতনতা অৱলম্বনৰ বাবে সকলো যানবাহন ব্যৱহাৰকাৰীৰ প্ৰতি আহ্বান জনায়। উল্লেখ্য যে সজাগতা সভাৰ পিছতেই পৰিবহণ বিষয়া গৌতম দাস আৰু অভিনেতা যতিন বৰাই জনসচেতনতা বাইক ৰেলী মুকলি কৰি অংশগ্ৰহণকাৰী সকলক শুভেচ্ছা জনোৱাৰ লগতে পৰিবহণ বিভাগৰ অনুষ্ঠানলৈ স্বইচ্ছাই আগবাঢ়ি অহা বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।