জনীয়া : জনীয়াৰ টাপাজুলীত ভূমি বিবাদক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট। মাৰপিটৰ ফলত গুৰুত্বৰভাৱে আহত কেইবাজন লোক। আহত লোকসকলক চিকিৎসালয়লৈ প্ৰেৰণ। আহত সকলৰ ভিতৰত আছে কেইবাগৰাকী মহিলা। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত টাপাজুলী গাঁৱত ভূমি বিবাদক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে। মাৰপিটৰ ঘটনাত দুয়ো ফৈদৰ কেইবাজনো লোক গুৰুত্বৰভাৱে আহত হৈছে। আহত লোক সকলক চিকিৎসাৰ বাবে ততাতৈয়াকৈ কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয় আৰু ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ ভৰ্তি কৰোৱা হৈছে।

উক্ত মাৰপিটৰ ফলত এটা ফৈদৰ নুৰুল ইছলাম, ৰফিক আলী, ৰাজিবুল ইছলাম, জিয়াৰুল ইছলাম, ফুলমালা খাতুন আৰু আনটো ফৈদৰ ৰহিমা খাতুন, ছাদেক আলী, জৰিনা খাতুন, ৰুজিনা খাতুন গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হৈছে।দুয়ো ফৈদৰ মাজত দীৰ্ঘদিনৰ পৰাই ভূমি কেন্দ্ৰিক বিবাদ চলি আছিল আৰু এই বিবাদ ভয়াবহ ৰূপ ধাৰণ কৰাত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয়।

জানিব পৰা মতে, মইনুল হকৰ মাতৃৰ পৰা ছাইফুল ইছলামে এক বিঘা মাটি ক্ৰয় কৰিছিল। কিন্তু মাটি ক্ৰয় কৰাৰ পিছৰে পৰাই মাটি ডৰাত মইনুল হক আৰু তেওঁৰ পৰিয়ালৰ লোকে ছাইফুল ইছলামক দখলত যাব দিয়া নাই বুলি ছাইফুল ইছলামৰ পৰিয়ালৰ লোকে জানিবলৈ দিয়ে। মাৰপিটৰ ঘটনাৰ পিছতে ঘটনাস্থলীত কলগাছিয়া আৰক্ষী থানাৰ আৰক্ষী আৰু বৰপেটা সদৰ থানাৰ আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।