শিৱসাগৰ পৰা আমিনুৰ ৰহমানৰ সহযোগত ‌‌প্ৰীতী পাৰিক
শিৱসাগৰ : ডিব্ৰগড়ত সংঘটিত মাৰপিটৰ ঘটনাক লৈ শিৱসাগৰতো প্ৰতিক্ৰিয়া। ডিব্ৰুগড় অভিমুখী শতাধিক আছু কৰ্মীক শিৱসাগৰ আৰক্ষীৰ বাধা প্ৰদান। যোৰহাট, গোলাঘাটৰ পৰা অহা আছুৰ সদস্যক শিৱসাগৰৰ পৰাই উভটাই পঠালে আৰক্ষীয়ে। আৰক্ষীক প্ৰশাসন তথা চৰকাৰক তীব্ৰ সমালোচনা শিৱসাগৰ জিলাৰ আছু নেতাৰ।

ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি শনিবাৰে ডিব্ৰুগড়ৰৰ এখন মহাবিদ্যালয়ত সংঘটিত হিংসাত্মক ঘটনা আৰু তাৰ পৰৱৰ্তী সময়ত ১৫ জনকৈ আছু কৰ্মীক ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাক লৈ দেওবাৰে শিৱসাগৰতো সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ। আছু কৰ্মীক বিনাচৰ্তে মুক্তিৰ দাবীত ডিব্ৰুগড়ত অনুষ্ঠিত এক প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰিবলৈ যোৱা শিৱসাগৰ জিলাৰ শতাধিক আছু কৰ্মীক পুৱা শিৱসাগৰ আৰক্ষীয়ে বাধা প্ৰদান কৰে।

পুৱা প্ৰায় দহ মান বজাত ১৫ খন গাড়ীৰে শিৱসাগৰৰ পৰা ডিব্ৰুগড়লৈ যাত্ৰা কৰিব বিচৰা আছুৰ দলটোক নগৰৰ সমীপৰ দৰিকাপাৰত শিৱসাগৰ আৰক্ষীৰ এটা বিশাল দলে বাধা প্ৰদাণ কৰে। সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমীৰণ ফুকনৰ নেতৃত্বত যোৱা দলটোক দৰিকাপাৰত কিছু সময় আৱদ্ধ ৰাখি পৰৱৰ্তী সময়ত উভটাই পঠাই।

আনহাতে ডিব্ৰুগড়ৰৰ প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰিবৰ বাবে গোলাঘাট, যোৰহাটৰ পৰা প্ৰায় ত্ৰিশখনতকৈও অধিক বাহনত উঠি অহা আছুৰ কৰ্মীক শিৱসাগৰ আৰক্ষীয়ে বাধা প্ৰদান কৰে। আছু কর্মী সকলক নগৰৰ প্ৰগতি চাৰিআলিৰ সমীপত আৰক্ষীয়ে আগুচি ধৰি ডিব্ৰুগড় অভিমুখে যোৱাত বাধা প্ৰদাণ কৰি শিৱসাগৰৰ পৰা উভটাই পঠায়।

ইফালে গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰিবলৈ যোৱা আছু কৰ্মীক এনেদৰে শিৱসাগৰত আৰক্ষীয়ে বাধা প্ৰদাণ কৰা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমীৰণ ফুকনে। নিৰস্ত্ৰ গণতান্ত্ৰিক প্ৰতিবাদী আছু কৰ্মীক এনেদৰে গন্তৰ্ব্য স্থানলৈ যোৱাত বাধা প্ৰদাণ কৰা কাৰ্যই অসম আৰক্ষীৰ ব্যৰ্থতাকেই লাজলগাকৈ উদঙাই দিছে বুলি মন্তব্য কৰে সমীৰণ ফুকনে।

চৰকাৰ, প্ৰশাসনে গ্ৰহণ কৰা দমনমূলক নীতিৰ বিৰুদ্ধে আছুৱে সদায় প্ৰতিবাদ সাব্যস্ত কৰি যাব বুলি নেতা গৰাকীয়ে মন্তব্য কৰাৰ লগতে এনে কাৰ্যই আৰক্ষীৰ খাকী পোছাকত কালিমা সানিলে বুলিও সমীৰণ ফুকনে মন্তব্য কৰে। উল্লেখ্য যে শনিবাৰৰ ঘটনাক কেন্দ্ৰ কৰি ডিব্ৰুগড় আৰু তিনিচুকীয়াত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে।