জোনমণি বেগম

বিশ্বনাথ : বিশ্বনাথত পুৱতি নিশা চাঞ্চল্যকৰ চুৰিকাণ্ড। এজন লোকৰ ঘৰৰ পৰা পুৱতি নিশা চোৰে লৈ গ’ল ১৭ টাকৈ ছাগলী। ছাগলী চুৰি ঘটনা সন্দৰ্ভত থানাত এজাহাৰ দাখিল। চুৰি হোৱা ১৭ টা ছাগলীৰ মূল্য লক্ষাধিক টকা হ’ব।

ভোগালী বিহুৰ প্ৰাকক্ষণত বিশ্বনাথত সংঘটিত হৈছে ছাগলী চুৰিৰ ঘটনা। পুৱতি নিশা বিশ্বনাথৰ পানীভঁৰাল গাঁৱৰ এজন লোকৰ ঘৰৰ পৰা চোৰে ১৭ টাকৈ ছাগলী চুৰি কৰি নিয়ে। এই ঘটনাই সমগ্ৰ গাঁওখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ঘনশ্যাম দাহাল নামৰ এজন লোকৰ ঘৰত সংঘটিত হয় এই ছাগলী চুৰিৰ ঘটনা। পুৱতি নিশা ৩ বজাত ঘনশ্যাম দাহাল নামৰ লোকজনে ঘৰৰ পৰা ১৭ টাকৈ ছাগলী নোহোৱা হোৱাত সমগ্ৰ গাঁওখনতে ছাগলী বিচাৰি যায় যদিও ছাগলী কেইটা নোপোৱাত এইয়া চুৰিকাণ্ড বুলি নিশ্চিত হয়।

চুৰি হোৱা ১৭ টা ছাগলীৰ মূল্য লক্ষাধিক টকা হব বুলি জানিবলৈ দিয়ে ঘনশ্যাম দাহালে। ঘটনা সন্দৰ্ভত ঘনশ্যাম দাহালে থানাত এজাহাৰ দাখিল কৰিছে। উল্লেখ্য যে কিছুদিন পুর্বে বিশ্বনাথৰ পানীভঁৰাল গাঁৱত শিৱ মন্দিৰত এক চুৰিকাণ্ডৰ ঘটনাৰ ঘটনা সংঘটিত হৈছিল।