জোনমণি বেগম
বিশ্বনাথ : বিশ্বনাথত ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন যুৱক। ধৃত যুৱকজন ড্ৰাগছ আসক্ত। যুৱকজন ড্ৰাগছ সেৱন কৰাৰ লগতে ড্ৰাগছ সৰবৰাহৰ লগত জড়িত। যুৱকজনকৰ কবলৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে ৪ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ।

ৰাজ্যজুৰি অব্যাহত আছে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। ৰাজ্যৰ বিভিন্ন প্ৰান্তত অভিযান চলাই আৰক্ষীয়ে প্ৰতিদিনে জব্দ কৰিছে বৃহৎ পৰিমাণৰ ড্ৰাগছ। আৰক্ষীৰ জালত পৰিছে ইজনৰ পিছত সিজন ড্ৰাগছ সৰবৰাহকাৰী আৰু ড্ৰাগছ আসক্ত লোক।

এইবাৰ বিশ্বনাথ আৰক্ষীৰ জালত পৰিছে এজন ড্ৰাগছ আসক্ত যুৱক। বিশ্বনাথ আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰিছে যুৱকজনক। বিশ্বনাথ জিলাৰ উপ-আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ পম খেদি বিশ্বনাথৰ আমবাৰিৰ পৰা পংকজ গুপ্তা নামৰ যুৱকজনক ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীয়ে পংকজ গুপ্তা নামৰ যুৱকজনৰ ঘৰৰ পৰা ৪ টা ড্ৰাগছৰ কন্টেনাৰ জব্দ কৰাৰ লগতে যুৱকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ধৃত পংকজ গুপ্তা নিজে ড্ৰাগছ আসক্ত হোৱাৰ লগতে বিশ্বনাথৰ বহু যুবকক ড্ৰাগছ যোগান ধৰি আহিছিল। ধৃত পংকজ গুপ্তাক আৰক্ষীয়ে অধিক তথ্যৰ বাবে সোধা-পোছা আব্যাহত ৰাখিছে।