আজিজ আলী

মুকালমুৱা

১০ জুলাই

মুকালমুৱাৰ বৰতলাত চি আৰ পি এফ জোৱানৰ ঘৰত চোৰে চলালে চাফাই অভিযান। চোৰে লুটি নিলে বহু মূল্যবান সামগ্ৰীসহ নগদ ধন। মুকালমুৱাৰ আৰক্ষীৰ নাকৰ তলতে চোৰে চিআৰপিএফ জোৱানৰ ঘৰত চলালে চাফাই অভিযান।

যি সময়ত অসম আৰক্ষী অপৰাধীৰ বিৰুদ্ধে কঠোৰ হৈছে সেই সময়তে নলবাৰী জিলাৰ মুকালমুৱা আৰক্ষী সম্পূৰ্ণ বিফল হৈছে অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত। মুকালমুৱা আৰক্ষীৰ বিফলতাৰ ফলতে অঞ্চলটোত সঘনাই সংঘটিত হৈ আছে বিভিন্ন অপৰাধমূলক ঘটনা। বিশেষকৈ চুৰি-ডকাইৰ ঘটনা প্ৰতিদিনে সংঘটিত হৈ আছে মুকালমুৱাত।

মুকালমুৱাৰ বৰতলাত পুনৰ এক চাঞ্চল্যকৰ চুৰিকাণ্ড সংঘটিত হয়। এজন চিআৰপিএফ জোৱানৰ ঘৰত চোৰে চাফাই অভিযান চলোৱা ঘটনাই সহজভাৱে ল’ব পৰা নাই ৰাইজে। ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে চিআৰপিএফ জোৱানজনৰ ঘৰৰ পৰা লুটি নিয়ে বহু মূল্যবান সামগ্ৰীসহ নগদ ধন।

বৰতলা গাৱঁৰ চিআৰপিএফ জোৱান ৰাতুল দাসৰ ঘৰত চোৰে চাফাই অভিযান চলাই সোণৰ আ-অলংকাৰ, বাচন-বৰ্তনসহ নগদ ধন লুটি নিয়ে। চোৰে প্ৰায় পাঁচ লাখ টকাৰ সা-সম্পত্তিসহ বিশ হাজাৰ নগদ ধন লুটি নিয়া বুলি চি আৰ পি এফ জোৱানজনৰ পৰিয়ালৰ লোকে জানিবলৈ দিয়ে। ঘটনা সংক্ৰান্তত মুকালমুৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৰাতুল দাসৰ পৰিয়ালে।