গুৱাহাটী 

১০ জুলাই

যোৰাবাটত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বৃহৎ সাফল্য। যোৰাবাটত প্ৰায় ২ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰিলে যোৰাবাট আৰক্ষীয়ে। তিনিজনকৈ ড্ৰাগছ সৰবৰাহকাৰী জালত পৰিছে যোৰাবাট আৰক্ষীৰ। গুৱাহাটীৰ পৰা ট্ৰাকযোগে নি থকা অৱস্থাত যোৰাবাট আৰক্ষীয়ে জব্দ কৰে ড্ৰাগছখিনি।

অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ মাজতে যোৰাবাট আৰক্ষীয়ে লাভ কৰিছে এক বিশেষ সাফল্য। যোৰাবাট আৰক্ষীয়ে প্ৰায় দুই কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰি এই বৃহৎ সাফল্য লাভ কৰিছে। ড্ৰাগছ বিৰোধী অভিযানত যোৰাবাট আৰক্ষীয়ে তিনিজকৈ ড্ৰাগছ সৰৱৰাহকাৰীক আটক কৰাৰ লগতে ৬ টা মোবাইল ফোন আৰু বিভিন্ন নথিপত্ৰৰ লগতে নগত ধন জব্দ কৰিছে।

গুৱাহাটীৰ পৰা যোৰাবাট অভিমুখে গৈ থকা এ এছ-০১-ইচি-৫৪৮৭ নম্বৰৰ এখন ট্ৰাকত তালাচি চলাই আৰক্ষীয়ে বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ খিনি জব্দ কৰে। জানীব পৰা মতে এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত যোৰাবাট আৰক্ষীয়ে যোৰাবাট নাকা চেকিংত এই অভিযান চলায়৷ আৰক্ষীয়ে ধৃত তিনি ড্ৰাগছ সৰবৰাহকাৰীক জেৰা চলাই থকা বুলি জানিব পৰা গৈছে।