ক্ষেত্ৰী : এটা কোটি টকীয়া প্ৰকল্প। কোটি টকীয়া প্ৰকল্পটোত বাজিছে মৃত্যু ঘণ্টা। খেতি পথাৰত পানী যোগান দিয়াৰ বাবে নিৰ্মাণ কৰা প্ৰকল্পটো এতিয়া মৎস্য চিকাৰস্থলীত পৰিণত হৈছে। প্ৰকল্পটোকলৈ কোনো ধৰণৰ গুৰুত্ব নাই ৰাজ্যৰ কৃষি বিভাগৰ।

মহানগৰী গুৱাহাটীৰ সমীৱৰ্তী ক্ষেত্ৰীৰ এটা ১০ কোটি টকীয়া প্ৰকল্প। ক্ষেত্ৰীৰ উলুবামৰ ম‌ইনাজানত আছে এই কোটি টকীয়া প্ৰকল্পটো। প্ৰকৃতিসৃষ্ট এটি নলাক আধুনিকভাৱে নিৰ্মাণ কৰি নলাটোৰ দুয়োপাৰে কেইবাহাজাৰ বিঘা কৃষিভূমিত পানী যোগান দিয়াৰ উদ্দেশ্যে নিৰ্মাণ কৰা হৈছিল এই বিশেষ প্ৰকল্পটো।

তদানীন্তন কংগ্ৰেছ চৰকাৰৰ মন্ত্ৰী তথা স্থানীয় বিধায়ক অকন বৰাৰ পৃষ্ঠপোষকতাত চন্দ্ৰপুৰৰ পানবাৰীত অনুমোদিত প্ৰকল্পটো স্থানান্তৰিত কৰা হৈছিল ক্ষেত্ৰীৰ ম‌ইনাজানলৈ। কিন্তু প্ৰকল্পটো সম্পূৰ্ণ নোহোৱাত এতিয়া এই কোটি টকীয়া প্ৰকল্পটোত মৃত্যু ঘণ্টা বাজিছে। প্ৰকল্পটোৰ অৰ্ধ নিৰ্মিত শ্লুইচ গেট পৰ্যবসিত স্থানীয় লোকৰ মৎস চিকাৰৰ স্থলীলৈ পৰিণত হৈছে।

অৰ্ধ নিৰ্মিত এই কোটি টকীয়া প্ৰকল্পটোৰ শ্লুইচ গেট বন্ধ কৰি স্থানীয় লোকে কেৱল মাছ মাৰিবলৈহে ব্যৱহাৰ কৰে বুলি অঞ্চলটোৰ একাংশ সচেতন ৰাইজে জানিবলৈ দিয়ে। ৰাইজে অতি শীঘ্ৰেই এই প্ৰকল্পটো কাৰ্যক্ষম কৰি তোলাৰ বাবে চৰকাৰক দাবী জনাইছে। এই প্ৰকল্পটো কাৰ্যক্ষম হৈ উঠিলে অঞ্চলটোৰ কৃষক সকল উপকৃত হব বুলিও একাংশ স্থানীয় কৃষকে জানিবলৈ দিয়ে।