কলগাছিয়া ১৯ চেপ্তেম্বৰঃ বৰপেটাৰ সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত পুৱতি নিশা সংঘটিত হোৱা এক ভয়াৱহ পথ দুৰ্ঘটনাত দুজনকৈ লোক থিতাতে নিহত হোৱাৰ লগতে ২২ জন লোক আহত হয়৷ প্ৰাপ্ত তথ্য মতে, ছত্তিশগড়ৰ ৰাইপুৰ জিলাৰ পৰা চিজি ০৭ ই৬৮১২ নম্বৰৰ  বাছেৰে ৪০ জনীয়া এটা তীৰ্থযাত্ৰীদলে কামাখ্যা দেৱীক দৰ্শন কৰি ছত্তিশগড়লৈ ওভতাৰ পথত দুৰ্ঘটনাটো সংঘটিত হয়৷ তীৰ্থযাত্ৰী দলটো অহা বাছখন বৰপেটাৰ সৰভোগ পেট্ৰল ডিপোৰ সন্মুখত টায়াৰ পাম্পছাৰ হয়। টায়াৰটো সলনি কৰি থকাৰ সময়তে কেএ ০১ এজি ৬৪২৭ নম্বৰৰ ট্ৰাকে বাছখনত পিছফালৰ পৰা খুন্দা মাৰে৷ দুৰ্ঘটনাত বাছখনৰ মালিক ৰাজ কমল কৰ্মকাৰ আৰু কুমাৰ সিং নামৰ এজন যাত্ৰী থিতাতে নিহত হোৱাৰ লগতে আন ২২ জন লোক গুৰুতৰভাৱে আহত হয়। আহতসকলক স্থানীয় লোকে বাছত থকা আন যাত্ৰীৰ সহযোগত ততাতৈয়াকৈ সৰভোগ চিকিৎসালয়ত ভৰ্তি কৰে৷