ৰঙিয়া, ৯ ছেপ্টেম্বৰঃ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে অসমক কৰা বঞ্চনাৰ প্ৰতিবাদত সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৱে সমগ্ৰ ৰাজ্যৰ লগতে ৰঙিয়াত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ অসমৰ জৰাজীৰ্ণ ৰাস্তা-ঘাট নিৰ্মাণ, বানপানী-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত আছুৰ শতাধিক কৰ্মীয়ে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে৷ প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰ হায় হায়, অসম চৰকাৰ মুৰ্দাবাদ, বান সমস্যা সমাধান কৰক, গৰাখহনীয়া ৰোধ কৰক, বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰক আদি শ্ল’গানেৰে চৌদিশ উত্তাল কৰি তোলে। আছুৰ অৱৰোধৰ ফলত ৰঙিয়াৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ শতাধিক যান-বাহন আৱদ্ধ হৈ পৰে। অৱৰোধস্থলীত সতৰ্কতা মূলক ব্যৱস্থা ৰূপে প্ৰশাসনে আৰক্ষী-অৰ্ধ সামৰিক বাহিনী মোতায়েন কৰে।