গুৱাহাটী : ৩১ ডিচেম্বৰত সুৰাপান কৰি গাড়ী চলোৱা সকল চৰকাৰৰ আলহী হ’ব। ৰঙাঘৰৰ নহয়, অতিথিশালাৰ আলহী হ’ব লাগিব। নিশাটো অতিথিশালাত থাকিব লাগিব। নতুন বছৰক আদৰণি জনাই ৰাতিপুৱা অতিথিশালাৰ পৰা ঘৰলৈ যাব পাৰিব সুৰাপান কৰি গাড়ী চলোৱা লোকে।

৩১ ডিচেম্বৰত যাতে কোনো লোকে পথ দুর্ঘটনাত নিহত হ’ব লগা নহয় ইয়াৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কঠোৰ হৈছে। ৩১ ডিচেম্বৰত যাতে কোনো লোকে সুৰাপান কৰি গাড়ী নচলায় মুখ্যমন্ত্ৰীয়ে সকীয়াই দিছে। সুৰাপান কৰি যদি কোনোবাই গাড়ী চলায় তেন্তে তেওঁ নিজৰ বন্ধুবৰ্গ আৰু পৰিয়ালৰ লগত নতুন বছৰক আদৰণি জনাব নোৱাৰিব।

সুৰাপান কৰি গাড়ী চলোৱা লোকে নিজৰ বন্ধুবৰ্গ আৰু পৰিয়ালৰ পৰিবৰ্তে চৰকাৰীভাৱে নতুন বছৰক আদৰিব লাগিব। মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত কয় ‘এইবাৰ সুৰাপান কৰি কোনো গাড়ী চলাব নোৱাৰিব। সুৰাপান কৰি গাড়ী চলোৱা লোক বা সুৰাপান কৰা চালকৰ গাড়ীত উঠা লোক আমাৰ আলহী হ’ব লাগিব। ৰঙাঘৰৰ নহয়, অতিথিশালাত থাকিব লাগিব সকলো।’

মুখ্যমন্ত্ৰীয়ে লগতে কয় ‘পাৰ্টী কৰা বা নতুন বছৰৰ অনুষ্ঠান আয়োজন কৰাত আপত্তি নাই কিন্তু সুৰাপান কৰি গাড়ী চলালে আমাৰ লগত নতুন বছৰ উদযাপন কৰিব লাগিব।’ প্ৰতিবছৰে নতুন বছৰত সুৰাপান কৰি মাতাল অৱস্থাত গাড়ী চলোৱাৰ ফলত দুর্ঘটনাত পতিত হৈ বহু লোকৰ মৃত্যু হয়, সেইহে এইবাৰ আৰক্ষী কঠোৰ হৈছে সুৰাপান কৰা চালকৰ বিৰুদ্ধে বুলিও কয় মুখ্যমন্ত্ৰীয়ে।