কলগাছিয়া, সংবাদ ৩৬৫, ২৪ আগষ্ট : কলগাছিয়াত আৰ টি আই কৰ্মীৰ ওপৰত চলে নিৰ্যাতন। দুৰ্নীতিৰ ওপৰত আৰ টি আই কৰিলেই মৃত্যুৰ ভাবুকি পৰ্যন্ত আহে আৰ টি আই কর্মীলৈ। এই অভিযোগ আৰ টি আইকৰ্মী আলতাফ হুছেইনৰ।

আলতাফ হুছেইনে অভিযোগ কৰি কয় যে, কলগাছিয়া গাঁও পঞ্চায়তৰ পৰা ৰূপায়ন কৰা কেইবাটাও আঁচনিৰ ওপৰত চলিত বৰ্ষৰ ২৯ মে’ত ৰূপসী উন্নয়ন খণ্ডত আৰ টি আই কৰা হৈছিল কিন্তু আজিলৈ কোনো তথ্য নাপালো। ইয়াৰ উপৰিও ৰূপসী উন্নয়ন খণ্ডৰ চৌহদত থকা পুখুৰীৰ সৌন্দৰ্যবৰ্ধনৰ বাবে ১০ লাখ টকা আবন্টন হৈছিল যদিও নামমাত্ৰ ২ টা চিৰি বনাই সমূদায় টকা আত্মসাৎ কৰাৰ অভিযোগ তুলিছে।

ইয়াৰ উপৰিও কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ৰ সন্মুখত থকা বাগিচা নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ তুলিছে আৰ টি আই কৰ্মী গৰাকীয়ে। এই দুৰ্নীতিত পঞ্চায়ত সভানেত্ৰী, পঞ্চায়তৰ সম্পাদক, বিভাগীয় অভিযন্তা, খণ্ড উন্নয়ন বিষয়া আৰু চিকিৎসালয়ৰ অধীক্ষক জড়িত আছে বুলি সংবাদ মেলত সদৰী কৰে আলতাফ হুছেইনে।