জনীয়া, সংবাদ ৩৬৫, ২৪ আগষ্ট : অলপতে হৈ যোৱা বানপানীৰ ফলত বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত কাউৰঝাহি, মোৱামাৰী, কাচুঘাটি, গলিয়া, সুতিৰপাথাৰ, জনীয়া, ডাউকমাৰী আদি চৰাঞ্চলৰ খেতিয়ক সকলৰ শ শ বিঘা মৰাপাট আৰু ধান খেতি নষ্ট হৈছে ।

চাৰি-পাঁচ হেজাৰ টকা ব্যয় সাপেক্ষে মৰাপাটৰ খেতি কৰি খেতিয়ক সকলে বিঘাই প্ৰতি ১৫ পৰা ২০ হেজাৰ টকা পৰ্যন্ত উপাৰ্জন কৰি নিজৰ নিজৰ পৰিয়াল পোহ-পাল দিয়াৰ লগতে ৰাজ্যৰ অৰ্থনৈতিক ক্ষেত্ৰলৈ বৰঙণি আগবঢ়াই আহিছে। অথচ এই বেলি হৈ যোৱা বানপানীত উক্ত চৰবোৰৰ মৰাপাট আৰু ধান খেতি বোৰ সমূলে নষ্ট হোৱাৰ ফলত খেতিয়ক সকলৰ মাজত অৰ্থনৈতিক সমস্যাই জটিল ৰূপ ধাৰণ কৰিছে।

চৰৰ অনাবাদি বালি মাটিত কঠোৰ শ্ৰমৰ বিনিময়ত আবাদি কৰি তোলা খেতিয়ক সকলৰ এই হাহাকাৰ কালত কোনো এজন জন প্ৰতিনিধি, বৰপেটা জিলাৰ বিয়াগোম কৃষি বিভাগ তথা বৰপেটা জিলা প্ৰশাসনৰ পৰা খবৰ নোলোৱাটো চৰবাসীৰ মাজত দূৰ্ভাগ্যজনক বুলি বিবেচিত হৈছে।

আনহাতে গ্ৰামসেৱক মানে কি ? গ্ৰামসেৱকৰ কাম কি ? গ্ৰামসেৱক মানুহ নে দেৱতা নেজানে চৰৰ খেতিয়ক সকলে। এই ক্ষেত্ৰত সচেতন মহলে চৰৰ খেতিয়ক সকলৰ নষ্ট হৈ যোৱা মৰাপাট খেতিৰ ক্ষতি পূৰণ দিয়াৰ লগতে চৰকাৰে খেতিয়ক সকলক বিশেষ ঋণ দিয়াৰ বাবে খেতিয়ক সকলে দাবী জনাইছে।