নলবাৰী, সংবাদ ৩৬৫, ২৩ আগষ্ট : শ্ৰী কৃষ্ণ জন্মাষ্টমি  উপলক্ষ্যে  শান্তি  সম্প্ৰীতিৰ বাৰ্তা বিলাই নলবাৰীৰ উলাবৰিত হিতসাধিনী পুথিভঁৰালৰ উদ্যোগত  অনুষ্ঠিত  হৈছে ঐতিহাসিক নাওখেল । মহাৰজত জয়ন্তী বৰ্ষত ভৰি দিয়া এই নাওঁ খেল পুৱা  উদ্বোধন কৰে জনস্বাস্থ্য  কাৰিকৰী বিভাগৰ মন্ত্ৰী  ৰিহন দৈমাৰীয়ে ।

ইয়াৰ পিছতে নাওঁ খেল প্ৰতিযোগিতা উপভোগ কৰিবলৈ উপস্থিত  হয় অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । এই নাওখেলৰ  লগতে শ্ৰী কৃষ্ণ জন্মাষ্টমি উপলক্ষ্যে স্থানীয়  বিধায়ক  নাৰায়ণ ডেকাৰ সভাপতিত্বত এখন মুকলি সভাও অনুস্থিত হয় । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগত এই সভাত উপস্থিত  থাকে ৰাজহ মন্ত্ৰী  ভবেশ  কলিতা,  অসম খাদী বোৰ্ড  অধ্যক্ষ  ডাঃ কমলা কলিতা , সাংসদ কুইন ওজা , বিধায়ক  প্ৰশান্ত ফুকন , বিজেপি নেতা শান্তনু ভড়ালী।

বিধায়ক  প্ৰশান্ত  ফুকনে  শ্ৰী কৃষ্ণ জন্মাষ্টমি উপলক্ষ্যে  প্ৰকাশ কৰি উলিওৱা  স্মৃতিগ্ৰন্থ  উন্মোচন  কৰে ।  শ্ৰী কৃষ্ণ জন্মাষ্টমি উপলক্ষ্যে এই সভাত  ভাষণ দি  “পানী হৈছে সকলো শক্তিৰ উৎস , গতিকে আমি নদী সংৰক্ষণ  কৰিব লাগিব   আৰু নৈ পৰীয়া  সংস্কৃতি  সংৰক্ষণ  কৰিব  লাগিব ” বুলি ব্যক্ত  কৰে  মুখ্যমন্ত্ৰীয়ে । অসমত বহু শক্তি,  সম্পদ আৰু সম্ভাৱনা আছে বুলি কোৱাৰ  লগতে এই শক্তি,  সম্পদ আৰু  সম্ভাৱনাৰ প্ৰকৃত ব্যৱহাৰ  হব লাগিব  বুলিও মুখ্যমন্ত্ৰী য়ে ব্যক্ত  কৰে । কৃষ্ণ  সংস্কৃতিৰ মূল হ’ল কৰ্ম সংস্কৃতি, এই কৰ্ম সংস্কৃতিক নিষ্ঠা সহকাৰে প্ৰতিস্থা কৰিবলৈও মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আহ্বান জনায় ।