সোণতলী, ১৯ আগষ্টঃ দক্ষিণ কামৰূপৰ ছয়গাঁও থানাৰ অন্তৰ্গত ভাউৰীয়াভিঠা গাঁও পঞ্চায়তৰ সভাপতি শ্বিৰাজুল হকক ডাক্টৰৰূপী মুন্নাভাই এজনে পঞ্চায়ত কাৰ্যালয়ৰ পৰা মাতি আনি বিষাক্ত ছিটা প্ৰয়োগেৰে হত্যাৰ চেষ্টা চলোৱা ঘটনাই সমগ্ৰ অঞ্চলতে উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ প্ৰাপ্ত তথ্য মতে পুৱা ১১ বজাত সভাপতি গৰাকীয়ে পঞ্চায়ত কাৰ্যালয়ত কামত ব্যস্ত থকা সময়ত বিশেষ কামৰ অজুহাত দেখুৱাই ভাউৰীয়াভিঠাৰ হাবেজ উদ্দিন গাঁওবুঢ়াৰ পুত্ৰ তথা ভুৱা চিকিৎসক ইমৰান হুছেইনৰ ঔষধৰ দোকানত মাতি আনে৷ সভাপতি শ্বিৰাজুল হকক হাবেজ উদ্দিন, স্বহিদুল ইছলাম আৰু বাহাৰুল ইছলামে ভূৱা চিকিৎসক ইমৰান হকৰ নাম আইবিএচ আঁচনিত অন্তৰ্ভূক্ত কৰিবলৈ হেঁচা প্ৰয়োগ কৰে৷ হকে ইয়াৰ বিৰোধ কৰাত মুন্নাভাইৰূপী ভুৱা চিকিৎসক ইমৰানে চিৰিঞ্জত বিষাক্ত ছিটা ভৰাই সভাপতি শ্বিৰাজুলক হত্যাৰ চেষ্টা চলায়৷ ইয়াতেই ক্ষ্যান্ত নাথাকি চাৰিওজনে বিদ্যুতৰ পৰিত্যক্ত তাঁৰ হকৰ ডিঙিত মেৰিয়াই হত্যাৰ চেষ্টা চলোৱাৰ লগতে পঞ্চায়ত সভাপতি শ্বিৰাজুল হকৰ পৰা পঞ্চায়ত সম্বন্ধীয় গুৰুত্বপূৰ্ণ নথি-পত্ৰ আৰু কিছু নগদ ধন কাঢ়ি আনে৷ সভাপতি হকে ইতিমধ্যে জোৰশিমুলী আৰক্ষী চকীত ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰিছে৷ আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে অপৰাধীক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই৷