গুৱাহাটী, ১৬ আগষ্টঃ আহমেদিয়া মুছলিম জামাতে বঙ্গাইগাঁও আৰু চিৰাঙত বান সাহাৰ্য্য বিতৰণ কৰে৷ বঙ্গাইগাঁও আৰু চিৰাঙৰ ডুমেৰগুৰী, গোৰামাৰা, নাৰাভিটা দ্বিতীয় খণ্ড, জয়পুৰ আদি বিভিন্ন অঞ্চলৰ বানপানীত ক্ষতিগ্ৰস্ত লোকসকলক আহমেদিয়া মুছলিম জামাতে সাহাৰ্য্য বিতৰণ কৰে৷ জামাতে বানাক্ৰান্ত সকলৰ মাজত চাউল, দাইল, তেলকে ধৰি প্ৰয়োজনীয় খাদ্য সামগ্ৰী বিতৰণ কৰে৷ ইয়াৰ পূৰ্বেও  আহমেদিয়া মুছলিম জামাতে নলবাৰীৰ বানপীড়িতক সাহাৰ্য্য বিতৰণ কৰে৷ নলবাৰীৰ ভগনামাৰীৰ বিভিন্ন সাহাৰ্য্য শিবিৰত আশ্ৰয় গ্ৰহণ কৰা প্ৰায় ৬০ টাৰো অধিক বানাক্ৰান্ত পৰিয়ালক আহমেদিয়া মুছলিম জামাতে খাদ্যকে ধৰি প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰিছিল৷