নিউজ ডেস্ক, ১৫ জুলাই, ২০২৩ : সমাজবাদী পাৰ্টীৰ নেতা আজম খানক (Samajwadi Party Leader Ajam Khan) দুবছৰ কাৰাদণ্ডৰে দণ্ডিত। ঘৃণামূলক ভাষণ প্ৰদানৰ গোচৰত দোষী সাব্যস্ত আজম খান। উত্তৰ প্ৰদেশৰ ৰামপুৰৰ এখন আদালতে ঘৃণামূলক ভাষণৰ গোচৰত সমাজবাদী পাৰ্টিৰ নেতা আজম খানক দুবছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে।

আদালতে প্ৰথমে আজম খানক দোষী সাব্যস্ত কৰি এই সিদ্ধান্ত সংৰক্ষণ কৰে। কিছু সময়ৰ পাছত আজম খানক শাস্তি প্ৰদান কৰা হয়। ২০১৯ চনত এক ৰাজহুৱা সভাত ঘৃণামূলক ভাষণ প্ৰদানৰ গোচৰত অভিযুক্ত আছিল সমাজবাদী পাৰ্টীৰ নেতা আজম খান। ২০১৯ চনত লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত আজম খানে ঘৃণামূলক ভাষণ দিছিল। স্থানীয় প্ৰশাসন আৰু উচ্চ বিষয়াৰ বিৰুদ্ধে বিতৰ্কিত বক্তব্যও প্ৰদান কৰিছিল আজম খানে।

ঘৃণামূলক ভাষণ প্ৰদানৰ লগতে প্ৰশাসন আৰু উচ্চ বিষয়াৰ বিৰুদ্ধে বিতৰ্কিত বক্তব্যও প্ৰদান কৰাৰ অভিযোগত আজম খানৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল। উক্ত গোচৰ ৰামপুৰ আদালতত চলি আছিল। আদালতে উক্ত গোচৰৰ ৰায়দান প্ৰদান কৰি আজম খানক দুবছৰৰ কাৰাদণ্ড বিহাৰ লগতে এক হাজাৰ টকা জৰিমনা বিহিছে।

২০১৯ চনৰ এপ্ৰিল মাহত এখন ৰাজহুৱা সভাত আজম খানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু ৰামপুৰৰ বিষয়াসকলৰ বিৰুদ্ধে আপত্তিজনক বক্তব্য প্রদান কৰিছিল। ইয়াৰ বাবেই সমাজবাদী পাৰ্টীৰ নেতা আজম খানৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল। অৱশেষত আদালতে ৰায়দান প্ৰদান কৰি আজম খানক দোষী সাব্যস্ত কৰে।

উল্লেখ্য যে ইয়াৰ পুৰ্বেও ৰামপুৰৰ সাংসদ-বিধায়ক আদালতে আজম খানক ঘৃণামূলক ভাষণ প্ৰদান কৰাৰ অপৰাধত দোষী সাব্যস্ত কৰি তিনি বছৰৰ কাৰাদণ্ড বিহাছিল। ইয়াৰ ফলত আজম খানৰ বিধানসভাৰ সদস্য পদ বাতিল কৰা হৈছিল। পৰৱৰ্তী সময়ত আদালতৰ সিদ্ধান্তৰ বিৰুদ্ধে আজম খানে ৰামপুৰ উচ্চ ন্যায়ালয়ত আবেদন জনাইছিল আৰু উক্ত গোচৰ সন্দৰ্ভত আদালতৰ পৰা সকাহ পাইছিল আজম খান।