তেজপুৰ, ১৪ জুলাই, ২০২৩ : এগৰাকী আৰক্ষী বিষয়াৰ গালত পৰিল যুৱতীৰ কাণতলীয়া চৰ (Girl Slap Assam Police Personal)। যুৱতীক অশ্লীল মেছেজ দি কাণতলীয়া চৰ খালে আৰক্ষী বিষয়া গৰাকী। যুৱতী গৰাকীৰ পৰা ৰাজহুৱা স্থানত আঁঠু কাঢ়ি ক্ষমা বিচাৰিলে আৰক্ষী বিষয়া গৰাকীয়ে। আৰক্ষী সঞ্চালক প্ৰধানে নিলম্বন কৰিলে আৰক্ষী বিষয়া গৰাকীক।

বিতৰ্কাই ল’গ নেৰা হৈছে অসম আৰক্ষীক। এটাৰ পিছত আনটো বিতৰ্কত সোমাই পৰিছে অসম আৰক্ষী। অসম আৰক্ষীৰ একাংশ জোৱানৰ কৰ্মকাণ্ডই অসম আৰক্ষীক লজ্জানত কৰিছে। কেতিয়াবা যদি উৎকোচ লৈ হাত দাঙিছে কোনোবা দুৰ্নীতিগ্ৰস্ত আৰক্ষীৰ লোক, কেতিয়াবা আকৌ কৰ্তব্যৰত অৱস্থাত মদ্যপান কৰি চাকৰি হেৰুৱাইছে কোনোবা আৰক্ষীৰ আৰক্ষীৰ লোক। মুঠতে অসম আৰক্ষী এতিয়া বিতৰ্কৰ মাজত।

অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে অসম আৰক্ষীত কৰ্মৰত লোক সকলক নাৰীক সন্মান কৰিবলৈ আহ্বান জনাই এখন পত্ৰ মুকলি কৰাৰ ২৪ ঘণ্টা পাৰ নহওতেই অসম আৰক্ষীৰ এজন বিষয়াৰ দ্বাৰা নিৰ্যাতিৰ হ’ল এগৰাকী যুৱতী। অসম আৰক্ষীৰ এজন বিষয়াই এগৰাকী যুৱতীক অশ্লীল মেছেজ প্ৰেৰণ কৰি নিৰ্যাতন চলোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে। এই জঘন্য ঘটনা সংঘটিত হৈছে তেজপুৰত।

অভিযোগ অনুসৰি তেজপুৰত কৰ্মৰত অসম আৰক্ষীৰ লোহিত ৰাজবংশী নামৰ উপ-পৰিদৰ্শক গৰাকীয়ে এগৰাকীয়ে যুৱতীক অশ্লীল মেছেজ প্ৰেৰণ কৰিছিল। যুৱতী গৰাকীৰ অশ্লীল ফটো বিচাৰি যুৱতী গৰাকীক মেছেজ কৰিছিল লোহিত ৰাজবংশী নামৰ উপ-পৰিদৰ্শক গৰাকীয়ে। শুকুৰবাৰে (১৪ জুলাই) যুৱতী গৰাকীয়ে লোহিত ৰাজবংশী নামৰ উপ-পৰিদৰ্শক গৰাকীক খাকি পোছাক পৰিধান কৰি থকা অৱস্থাত কাণতলীয়া চৰ সোধায়। ইয়াৰ পিছত লোহিত ৰাজবংশী নামৰ উপ-পৰিদৰ্শক গৰাকীয়ে আঁঠু কাঢ়ি যুৱতী গৰাকীৰ পাৰা ক্ষমা প্ৰাৰ্থনা বিচাৰে।

নিকৃষ্ট কাণ্ড কৰি অসম আৰক্ষীৰ এগৰাকী উপ-পৰিদৰ্শক যুৱতীৰ কাণতলীয়া চৰ খাই ৰাজপথত আঁঠু কাঢ়ি থকা দৃশ্যই সমগ্ৰ অসম আৰক্ষীক লজ্জানত কৰে। আৰক্ষী বিষয়া গৰাকী যুৱতী গৰাকীৰ পাৰা ক্ষমা প্ৰাৰ্থনা বিচাৰি থকাৰ সময়ত ৰাজপথত বহু লোকে ভিৰ কৰিছিল। অসম আৰক্ষীৰ বিষয়া গৰাকীয়ে ৰাজপথত আঁঠু কাঢ়ি থকাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। এই দৃশ্য দেখি সকলোৱে আৰক্ষী বিষয়া গৰাকীক ধিক্কাৰ দিছে।

ইফালে ঘটনাৰ পিছতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে তাৎক্ষণিকভাৱে লোহিত ৰাজবংশী নামৰ উপ-পৰিদৰ্শক গৰাকীক নিলম্বন কৰে। আৰক্ষী সঞ্চালন প্ৰধানে এক টুইটযোগে লোহিত ৰাজবংশীক চাকৰিৰ পৰা নিলম্বন কৰি সমগ্ৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়ে। সাত দিনৰ ভিতৰত ঘটনাৰ বিভাগীয় তদন্তৰ কৰি ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিছে আৰক্ষী সঞ্চালক প্ৰধানে।