গুৱাহাটী : ৰাজকন্যাকাণ্ডই বিপদত পেলাব নেকি চিকিৎসক ডাঃ নভনীল বৰুৱাক ? মেডিকেল বৰ্ডৰ প্ৰতিবেদনৰ পিছত ইয়াৰে আশংকাই দেখা দিছে। ইতিমধ্যে আৰক্ষীয়ে চমন জাৰি কৰিছে চিকিৎসক ডাঃ নভনীল বৰুৱালৈ। থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে চিকিৎসক গৰাকীক।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালে গঠন কৰি দিয়া মেডিকেল বৰ্ডৰ ৬ জনীয়া চিকিৎসকৰ দলে প্ৰতিবেদন দাখিল কৰাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৰাজকন্যা বৰুৱাক। মেডিকেল বৰ্ডৰ প্ৰতিবেদনে কেৱল ৰাজকন্যা বৰুৱাক ৰঙাঘৰলৈ প্ৰেৰণ কৰা নাই মেডিকেল বৰ্ডৰ প্ৰতিবেদনে জি এন আৰ চি হাস্পতালৰ কর্তৃপক্ষ চিকিৎসক ডাঃ নভনীল বৰুৱাকো সমস্যাত পেলাইছে।

সুৰামত্ত হৈ ৯ জনকৈ শ্ৰমিকক মহতিয়াই নিয়াৰ পিছত ২৪ ঘণ্টাৰ ভিতৰত জামিন লাভ কৰিছিল ৰাজকন্যা বৰুৱাই। ৰাজকন্যা বৰুৱাই সহজে জামিন লাভ কৰা বিষয়টো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পিছতে এই বিষয়টোকলৈ কঠোৰ স্থিতি গ্ৰহণ কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ইয়াৰ পিছতে দিছপুৰ থানাৰ দুই আৰক্ষী বিষয়া ৰিজাৰ্ভ ক্ল’জ আৰু ৰাজকন্যা বৰুৱা পুনৰ গ্ৰেপ্তাৰ।

ৰাজকন্যা বৰুৱা পুনৰ গ্ৰেপ্তাৰ হোৱা মাজৰ সময়খিনিত ৰাজকন্যা বৰুৱা চিকিৎসাধীন হৈ আছিল জি এন আৰ চি হাস্পতালত। ৰাজ্যকন্যা বৰুৱা অসুস্থ বুলি জি এন আৰ চি হাস্পতালে ছেমি আই চি ইউত ভৰ্তি কৰি ৰাখিছিল ৰাজকন্যা বৰুৱাক। কিন্তু মেডিকেল বৰ্ডৰ প্ৰতিবেদনত ওলাই পৰে যে ৰাজকন্যা বৰুৱা অসুস্থ নহয়। প্ৰতিবেদন পাই লগে লগে ৰাজকন্যা বৰুৱা আই চি ইউৰ পৰা ওলাই দিছপুৰ থানাৰ আলহী হয়।

এতিয়া জি এন আৰ চি হাস্পতালৰ কৰ্তৃপক্ষ চিকিৎসক ডাঃ নভনীল বৰুৱাক বিপদত পৰাৰ আশংকাই দেখা দিছে। ৰাজকন্যা বৰুৱাৰ কোনো ধৰণৰ স্বাস্থ্যজনিত সমস্যা নথকাৰ পিছতো জি এন আৰ চি হাস্পতালৰ ছেমি আই চি ইউত ৰাখি গ্ৰেপ্তাৰৰ পৰা ৰক্ষা কৰাৰ অভিযোগ উত্থাপন হৈছে চিকিৎসক ডাঃ নভনীল বৰুৱাৰ বিৰুদ্ধে।