গুৱাহাটী, ২৪ জুনঃ উত্তৰ পূব সীমান্ত ৰেলৱেত তৃতীয় বৰ্গৰ কমাৰ্চিয়েল এপ্ৰেনটিচ পদত অসমৰ থলুৱা প্ৰাৰ্থী বঞ্চিত হোৱা ঘটনাক দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰিছে মন্তব্য কৰিছে এআইইউডিএফে৷ এক বিবৃতিত এই ঘটনাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি দলৰ সাংগঠনিক সাধাৰণ সম্পাদক আমিনুল ইছলামে কয় যে, সততে থলুৱা আৰু খিলঞ্জীয়া লোকৰ নিযুক্তিৰ কথা কৈ থকা বিজেপি চৰকাৰৰ দিনতেই চৰকাৰী নিযুক্তিৰ ক্ষেত্ৰত অসমীয়া প্ৰাৰ্থী বঞ্চিত হ’বলগীয়া হোৱাটো অতিকৈ ৰহস্যজনক৷ বিজেপি দলৰ নেতাসকলে ৰেলৱেকে ধৰি কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ বিভিন্ন চৰকাৰী নিযুক্তিৰ ক্ষেত্ৰত অসমৰ থলুৱাসকলক নিযুক্তি দিব লাগে বুলি দাবী জনায় আহিছিল৷ কিন্তু চৰকাৰ গঠনৰ পিছতেই অসমৰ প্ৰাৰ্থী বঞ্চিত হ’ব লগা হৈছে৷ শেহতীয়াকৈ ৰেল বিভাগৰ নিযুক্তিৰ ক্ষেত্ৰত অসমৰ থলুৱা প্ৰাৰ্থীক যি দৰে বঞ্চনা কৰা হ’ল সেয়া অতিকৈ দুৰ্ভাগ্যজনক৷ ৰেলৱে বিভাগত অসমৰ এজন ৰাজ্যিক মন্ত্ৰী থকাৰ পিছতো কি কাৰণত থলুৱা লোকসকল চাকৰিৰ বাবে অযোগ্য হৈ পৰিল তাৰ উত্তৰ অসমবাসীক মন্ত্ৰীগৰাকীয়ে দিব লাগিব৷ বৰ্তমান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে জাতি-মাটি-ভেঁটি আৰু খিলঞ্জীয়াৰ কথা আওঁৰাই আছে যদিও চৰকাৰ খনে প্ৰতি মূহূতৰ্তে হিন্দী বলয়ৰ ওচৰত আঠু কাঢ়ি আছে৷ ৰাজ্যিক ৰেল মন্ত্ৰী ৰাজেন গোঁহায়ে সংবাদ মাধ্যম, মেল-মিটিঙত ডাঙৰ ডাঙৰ বক্তৃতা দিয়ে যদিও দিল্লীত ভিজা মেকুৰীৰ দৰে নিশ্চুপ হৈ বহি থাকে৷ তেওঁ নিষ্কৃয়তাৰ সুযোগ লৈ নিযুক্তিৰ ক্ষেত্ৰত অসমীয়া প্ৰাৰ্থীক বঞ্চিত কৰাৰ অনুভৱ হয়৷ আমিনুল ইছলামে বহিৰাগত প্ৰাৰ্থীৰ নিযুক্তি বন্ধ কৰাৰ লগতে অসমৰ থলুৱা প্ৰাৰ্থীক নিযুক্তিৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনায়৷