গুৱাহাটী : বতৰৰ বিধি পথালিৰ মাজতে ৰাজ্যজুৰি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা। শিক্ষানুষ্ঠান সমূহত উখল মাখল পৰিৱেশ। প্ৰচণ্ড শীতকো নেওচি শিক্ষানুষ্ঠান সমূহত উপস্থিত থাকি বিদ্যাৰ দেৱীৰ আশীষ ললে ছাত্ৰ-ছাত্ৰী সকলে।

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মহানগৰী গুৱাহাটীত বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজাৰ ব্যাপক আয়োজন। মহানগৰীৰ শিক্ষানুষ্ঠান সমূহত সৰস্বতী পূজাকলৈ দেখিবলৈ পোৱা যায় উখল মাখল পৰিৱেশ। অৱশ্যে ক’ভিডসৃষ্ট পৰিস্থিতি আৰু বৰষুণৰ ফলত পাৰা নিম্নগামী হোৱাত সৰস্বতী পূজাৰ আনন্দ পূৰ্বৰ তুলনাত কিছু স্লান পৰিছে।

প্ৰচণ্ড শীতকো নেওচি মহানগৰীৰ শিক্ষানুষ্ঠান সমূহত আয়োজন কৰা সৰস্বতী পূজাত শিক্ষাৰ্থী সকলৰ অংশগ্ৰহণ দেখিবলৈ পোৱা যায়। পুৱাৰ ভাগৰে পৰা শিক্ষাৰ্থী সকল নিজ নিজ শিক্ষানুষ্ঠান উপস্থিত হৈ বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীক পূজা আগবঢ়াই সেৱা জনাই দেৱীৰ আশীষ লয়।

কভিডসৃষ্ট পৰিস্থিতিৰ বাবে শিক্ষানুষ্ঠান সমূহত এইবাৰ অনুষ্টু‌পীয়াকৈ সৰস্বতী পূজাৰ আয়োজন কৰা হৈছে। উল্লেখ্য যে পূৰ্বৰ দুবছৰটো ক’ভিডৰ বাবে শিক্ষানুষ্ঠান সমূহ বন্ধ থকাৰ ফলত অনুষ্টু‌পীয়াকৈ সৰস্বতী পূজাৰ আয়োজন কৰা হৈছিল। এইবাৰো সম্পূৰ্ণ ক’ভিড নীতি নিৰ্দেশনাৰ মাজত আয়োজন কৰা হৈছে সৰস্বতী পূজা।