কলগাছিয়া : এজাক বৰষুণতে একাঠু পানীৰ তলত সাপ্তাহিক বজাৰ। এজাক বৰষুণতে একাঠু পানীৰ তলত ডুব গ’ল কলগাছিয়া সপ্তাহিক বজাৰ। পৰিকল্পিত আৰু বিজ্ঞানসন্মতভাৱে নলা নিৰ্মাণৰ দাবী ৰাইজৰ।

বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ প্ৰাণকেন্দ্ৰ স্বৰূপ কলগাছিয়া সপ্তাহিক বজাৰ এজাক বৰষুণৰ পানীতে একাঠু পানীৰ তলত ডুব যোৱাৰ ফলত সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে কৃষক তথা ব্যৱসায়ী সকলে। প্ৰতি শনিবাৰে বহা সপ্তাহিক বজাৰখন অঞ্চলটোৰ ভিতৰতে বৃহৎ বজাৰ।

প্ৰায় ৭ খন পঞ্চায়ত এলেকাৰ ৰাইজ, কৃষক, ক্ষুদ্ৰ ব্যৱসায়ী, স্থায়ী দোকানী সকলৰ বাবে অতি গুৰুত্বপূৰ্ণ বজাৰ এইখন। উক্ত বজাৰত সকলো ধৰণৰ শাক-পাচলি, শস্য-সামগ্ৰী, ভেড়া, ছাগলী, গৰু, মহ, পাৰ চৰাই, মুৰ্গী, মাছ আদি উপলব্ধ হয়। চৰকাৰে প্ৰতি বছৰে বজাৰখনৰ পৰা লক্ষাধিক টকা ৰাজহ সংগ্ৰহ কৰে।

চৰকাৰে লক্ষাধিক টকা ৰাজহ লাভ কৰা এই বজাৰখনৰ উন্নয়নৰ বাবে কিন্ত চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ নকৰা বাৰুকৈয়ে পৰিলক্ষিত হৈছে। ফলত চৰম অসুবিধাৰ সন্মুখীন হৈছে ক্রেতা-বিক্রেতা, কৃষক সকলৰ লগতে স্থানীয় ৰাইজ।

সাপ্তাহিক বজাৰখনৰ পৰা বাৰিষাৰ পানী ওলাই যাব পৰাকৈ কোনো ধৰণৰ ব্যৱস্থা নথকাৰ ফলত একাজ বৰষুণতে বজাৰখন বৰষুণৰ পানীত ডুব যায়। এই সমস্যা সমাধানৰ বাবে বজাৰখনত বিজ্ঞানসন্মত আৰু পৰিকল্পিতভাৱে নলা নিৰ্মাণ কৰাৰ দাবী জনাইছে ৰাইজে।