গৰ্গ জ্যোতি দাস
অভয়াপুৰী : এক ভয়ংকৰ পথ দুর্ঘটনা। এখন ট্ৰাক আৰু বাইকৰ মুখামুখি সংঘৰ্ষ। মুখামুখি সংঘর্ষৰ পিছতে ৰাজপথত জ্বলি উঠিল বাইক আৰু ট্ৰাকখন। থিততে নিহত বাইক আৰোহীজন। দুর্ঘটনাস্থলীৰ পৰা পলায়ন ট্ৰাকখনৰ চালকজনৰ।

বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ চৌতাকীত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন ট্ৰাক আৰু বাইকৰ মাজত হোৱা সংঘর্ষৰ পিছতে ৰাজপথত জ্বলি উঠে দুয়োখন বাহন। বাইকখন সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে থিতাতে নিহত হয় বাইকখনৰ আৰোহীজন।

দেওহাটীৰ পৰা যোগীঘোপা অভিমুখে গৈ থকা এএছ-১৭-বি-২৭৬৫ নম্বৰৰ ট্ৰাকখৰ তলত নিয়ন্ত্ৰণ হেৰুৱাই সোমাই পৰে এএছ-১৯-এন-৬১১৩ নম্বৰৰ দেওহাটীৰ দিশলৈ গৈ থকা এখন বাইক। দুৰ্ঘটনাৰ খবৰ পাই দুর্ঘটনাস্থলীত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী উপস্থিতি হৈ জুই নিৰ্বাপন কৰে।

নিহত বাইক আৰোহীজনৰ পৰিচয় বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। বাইকখন ভুল দিশৰ পৰা আহি থকাৰ ফলত এই দুর্ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। ইফালে দুর্ঘটনাৰ পিছতে দুর্ঘটনাস্থলীৰ পৰা পলায়ন কৰে ট্ৰাকখনৰ চালক।