গুৱাহাটী, ৩ জুলাইঃ মহানগৰীৰ নাৰেংগী পানীখাইটিত ভয়ংকৰ ভূমিস্খলনত প্ৰাণ গ’ল কণমানি ছাত্ৰীৰ৷ নিহত ছাত্ৰী গৰাকী  উত্তৰ পূৱ জাতীয় বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰী দীপিকা বৰ্মন৷ পানীখাইতীৰ ৰে’ললাইনৰ সমীপত স্কুললৈ গৈ থকা অৱস্থাত দুৰ্ঘটনাটো সংঘটিত হয়৷ পাহাৰৰ মাটি খহি পৰিছিল দীপিকাৰ ওপৰত৷ স্থানীয় লোকে ঘটনাটো প্ৰত্যক্ষ কৰি ছাত্ৰীগৰাকীক উদ্ধাৰ কৰি সংকটজনক অৱস্থাত জিএমচিএইচত ভৰ্ত্তি কৰে যদিও চিকিৎসালয়ত ছাত্ৰীগৰাকীৰ মৃত্যু হয়৷ আনহাতে মহানগৰীৰ যোৰাবাটৰ সংঘটিত হয় আন এক ভূমিস্খলন। যোৰাবাটৰ ১২ মাইলৰ উম্ফেৰ গাঁৱত সংঘটিত ভূমিস্খলনত কেবাটাও বাসগৃহ বিধ্বস্ত হয়।