গুৱাহাটী, ১৭ মে’ : আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যুক কেন্দ্ৰ কৰি ৰাজ্যজুৰি অব্যাহত আছে চৰ্চা। সঁচাকৈ জোনমণি ৰাভাৰ বাহনখন দুর্ঘটনাত পতিত হৈছিল? জোনমণি ৰাভাৰ পৰিয়ালৰ লোকে পথ দুর্ঘটনাত জোনমণি ৰাভাৰ মৃত্যু হোৱা বুলি মানি লব বিচৰা নাই। পৰিকল্পিতভাৱে জোনমণি ৰাভাক হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ লোকৰ। ইয়াৰ মাজতে এজন গাড়ী চালকে জোনমণি ৰাভাৰ বাহনখনৰ দুর্ঘটনাকলৈ বিস্ফোৰণ ঘটাইছে (Sensation by a driver)।

গাড়ী চালকজনে সংবাদ মাধ্যমৰ আগত বিস্ফোৰণ ঘটাই কয় যে জোনমণি ৰাভাৰ বাহনখন দুর্ঘটনা হোৱা সময়ত তেওঁ দুর্ঘটনাস্থলীত উপস্থিত আছিল। গাড়ী চালকজনে কয় যে জোনমণি ৰাভাৰ বাহনখন পথৰ ওপৰত ৰখাই থোৱা আছিল। জোনমণি ৰাভাৰ ৰখাই থোৱা বাহনখনত কণ্টেইনাৰ ট্ৰাকখনে প্ৰচণ্ড জোৰত খুন্দা মাৰিছিল। কণ্টেইনাৰ ট্ৰাকখনে জোনমণি ৰাভাৰ ৰখাই থোৱা বাহনখনত খুন্দা মৰাৰ পুর্বে এজন যুৱক জোনমণি ৰাভাৰ বাহনখনৰ পৰা ওলাই আহিছিল বুলি কয় গাড়ী চালকজনে।

জোনমণি ৰাভাৰ বাহনখনৰ পৰা ওলাই অহা যুৱকজনে ক’লা পেন্ট আৰু ক’লা জোতা পৰিধান কৰিছিল বুলি গাড়ী চালকজনে কয়। জোনমণি ৰাভাৰ ৰখাই থোৱা বাহনখনত কণ্টেইনাৰ ট্ৰাকখনে খুন্দা মৰাৰ পিছত কণ্টেইনাৰ ট্ৰাকখনৰ চালক ট্ৰাকখনৰ পৰা নামি আহি আঁতৰি গৈছিল বুলি কয় গাড়ী চালকজনে। দুর্ঘটনাৰ নিশা গাড়ী চালকজন গুৱাহাটীৰ পৰা বোকাখাতলৈ গৈ আছিল আৰু গাড়ী চালকজনৰ টোপনি অহাৰ বাবে দুর্ঘটনাস্থলীত কিছু সময়ৰ বাবে ৰখিছল।

সেই সময়তে গাড়ী চালকজনে সকলো প্ৰত্যক্ষ কৰিছিল বুকি সংবাদ মাধ্যমৰ আগত গাড়ী চালকজনে ভাষ্য প্ৰদান কৰিছে। কণ্টেইনাৰ ট্ৰাকখনে জোনমণি ৰাভাৰ বহনখনত খুন্দা মৰাৰ প্ৰায় ১৫ মিনিট মান পিছত সেই স্থানত আৰক্ষী উপস্থিত হৈছিল। গাড়ী চালকজন যেতিয়া জোনমণি ৰাভাৰ বাহনখনৰ ওচৰলৈ গৈছিল তেতিয়া বাহনখনৰ ভিতৰত এগৰাকী মহিলাৰ মৃতদেহ প্ৰত্যক্ষ কৰিছিল বুলি কয় গাড়ী চালকজনে। গাড়ী চালকজন জোনমণি ৰাভাৰ বাহনখনৰ ওচৰলৈ যাওঁতে আৰক্ষীয়ে গাড়ী চালকজনক আঁতৰি যাবলৈ নিৰ্দেশ দিছিল বুলিও কয় গাড়ী চালকজনে।

উল্লেখ্য যে পথ দুর্ঘটনাত মৃত্যু হোৱাৰ পূৰ্বে আৰক্ষী বিষয়া জোনমণি ৰাভাৰ বিৰুদ্ধে লখিমপুৰ সদৰ আৰক্ষী থানাত এক গোচৰ ৰুজু হৈছিল। নাওবৈচাৰ অনিমা খাতুন নামৰ এগৰাকী মহিলাই জোনমণি ৰাভাই তেওঁৰ পুত্ৰক আটক কৰি পৰৱৰ্তী ৬ লাখ টকাৰ বিনিময়ত এৰি দিছিল বুলি লখিমপুৰ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল। উক্ত এজাহাৰৰ ভিত্তিত জোনমণি ৰাভাৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল গোচৰ। আনহাতে হাছিনা বেগম নামৰ আন এগৰাকী মহিলাই জোনমণি ৰাভাৰ মৃত্যুৰ আঁৰত নকল সোণ আৰু জালনোট চক্ৰ জড়িত থাকৰ অভিযোগ উত্থাপন কৰিছিল। নকল সোণ আৰু জালনোট চক্ৰৰ লগত লখিমপুৰৰ আৰক্ষী বিষয়া জড়িত থকাৰো অভিযোগ হাছিনা বেগমৰ।