নগাঁও, ১৮ মে’ : হয়বৰগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আভাজ্যোতি ৰাভাক (Haibargaon Police Station) চি আই ডিৰ জেৰা। নগাঁও পুলিচ গেষ্ট হাউছত চি আই ডিয়ে জেৰা চলাইছে আভাজ্যোতি ৰাভাক। জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত আভাজ্যোতি ৰাভাক চি আই ডিৰ জেৰা। দুর্ঘটনাৰ নিশা আভাজ্যোতি ৰাভাৰ লগতে জোনমণি ৰাভা ওলাই গৈছিল বুলি অভিযোগ কৰিছিল জোনমণি ৰাভাৰ মাতৃয়ে।

আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যুক কেন্দ্ৰ কৰি ৰাজ্যজুৰি অব্যাহত আছে তীব্ৰ চাঞ্চল্যৰ। প্ৰতি মূহুৰ্ততে ন ন তথ্য পোহৰলৈ আহিছে আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যুকলৈ। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ দায়িত্ব চি আই ডিক অৰ্পণ কৰিছে। বুধবাৰে পুৱাৰ ভাগৰ পৰাই চি আই ডিৰ এটা দলে জোনমণি ৰাভাৰ মৃত্যুৰ কাৰণ ফাদিল কৰিবলৈ তদন্ত অব্যাহত ৰাখিছে। লখিমপুৰ আৰু নগাঁৱত চি আই ডিৰ দলটোৱে তন্ন তন্ন কৰি পৰীক্ষা কৰিছে সকলো।

বুধবাৰে (১৮ মে’) পুৱাৰ ভাগতে চি আই ডিয়ে নগাঁও পুলিচ গেষ্ট হাউছত হয়বৰগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আভাজ্যোতি ৰাভাক জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত জেৰা চলায় কলিয়াবৰত জোনমণি ৰাভাৰ সন্দেহজনক পথ দুর্ঘটনাত মৃত্যু হোৱাত পিছতে জোনমণি ৰাভাৰ পৰিয়ালৰ লোকে জোনমণি ৰাভাক হত্যা কৰাৰ অভিযোগ।উত্থাপন কৰিছিল। দুঘটনা সংঘটিত হোৱাৰ নিশা জোনমণি ৰাভা হয়বৰগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আভাজ্যোতি ৰাভাৰ লগত ওলাই গৈছিল বুলিও জোনমণি ৰাভাৰ মাতৃয়ে অভিযোগ কৰিছিল।

জোনমণি ৰাভাৰ মাতৃয়ে আভাজ্যোতি ৰাভাৰ লগতে নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোজ ৰাজবংশীৰ বিৰুদ্ধেও অভিযোগ উত্থাপন কৰিছিল। মঙলবাৰে (১৭ মে’) সন্ধিয়াৰ ভাগত চি আই ডিৰ আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰা বহু সময় ধৰি মনোজ ৰাজবংশীৰ কোঠাত আছিল। মঙলবাৰে নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলে সংবাদ মাধ্যমৰ আগত জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰাৰ পৰা বিৰত আছিল। ইফালে বুধবাৰে হঠাৎ নগাঁও জিলাৰ বিভিন্ন আৰক্ষী থানাৰ ১৪৮ জনকৈ কনিষ্টবলক বদলি কৰা হয়।

উল্লেখ্য যে আৰক্ষী বিষয়া জোনমণি ৰাভাৰ কলিয়াবৰত এক ৰহস্যজনক পথ দুর্ঘটনাত মৃত্যু হৈছিল। জোনমণি ৰাভাৰ মৃত্যুক সহজভাৱে মানি লোৱা নাছিল পৰিয়ালৰ লোকে। মৃত্যুৰ পূৰ্বে জোনমণি ৰাভাৰ বিৰুদ্ধে লখিমপুৰত ৰুজু হৈছিল এক গোচৰ। জোনমণি ৰাভাৰ মৃত্যুৰ লগত নকল সোণ আৰু জাল নোট ব্যৱসায়ী চক্ৰ জড়িত থকাৰো সন্দেহ প্ৰকাশ কৰা হৈছে। নকল সোণ আৰু জাল নোট ব্যৱসায়ী চক্ৰটোৰ লগতে আৰক্ষীৰ লোকো জড়িত থকাৰ অভিযোগ উত্থাপন হৈ আছে। দুর্ঘটনা সংঘটিত হোৱাৰ পাছত দুৰ্ঘটনা গ্ৰস্ত গাড়ীখনত জোন মণি ৰাভাৰ মৃতদেহ ৰখা হৈছিল নেকি ? প্ৰশ্ন উত্থাপিত হৈছে এতিয়া ।

ভাষ্যই সন্দেহৰ অৱকাশ আনিছে । জোন মণি ৰাভাৰ মৃতদেহ উলিওৱাৰ বাবে দুৱাৰ খোলোতেই ওলাই পৰিছিল জোনমণি ৰ মৃতদেহ । লগোৱা নাছিল চিতবেল্ট, খোলা আছিল জোতা । জোনমণিৰ দেহৰ কোনো অংশই গাড়ীৰ কোনো অংশই হেঁচা মাৰি ধৰি থকা নাছিল । প্ৰশ্ন উঠিছে দুর্ঘটনাৰ সময়ত জোনমণি গাড়ীত নাছিল নেকি ? নিজকে প্ৰত্যক্ষ দৰ্শী বুলি দাবী কৰা যুৱকজনে দেখা ৰৈ থকা গাড়ী খনত জোন মণিৰ মৃতদেহ ৰখা হৈছিল আৰু দুর্ঘটনাটো সংঘটিত কৰোৱাই জোনমণিক দুৰ্ঘটনা গ্ৰস্ত গাড়ী খনত বহুৱাই দিয়া হৈছিল নেকি ?