লংকা, ১০ অক্টোবৰ, ২০২৩ : ৰাজস্থানৰ পৰা অসমত বিয়া পাতিবলৈ আহি, হ’ল ৰঙা ঘৰৰ আলহী। দৰাসহ (Groom) বৰযাত্ৰী এতিয়া ৰঙা ঘৰত। এহৰকী নাবালিকাক বিয়া পাতিবলৈ আহিছিল ৰাজস্থানৰ কেইজনমান লোক। নাবলিকা গৰাকীৰ মাতৃয়ে নাবলিকা গৰাকীক বিয়া দিবলৈ অমান্তি হোৱাৰ পিছতো জোৰকৈ বিয়া পাৰিব বিছাৰিছিল ৰাজস্থানৰ লোক কেইজনে।

বাল্য বিবাহৰ বিৰুদ্ধে অসম আৰক্ষীৰ কঠোৰ পদক্ষেপৰ পিছতো ৰাজ্যত অব্যাহত বাল্য বিবাহ। বাল্য বিবাহ কৰোৱা স্বামী আৰু বাল্য বিবাহৰ লগত জড়িত লোক সকলৰ বিৰুদ্ধে অসম আৰক্ষীয়ে ধাৰাবাহিক অভিযান চলাই থকাৰ মাজতে ৰাজ্যত পুনৰ এক বাল্য বিবাহ প্ৰচেষ্টা চলাই কেইবাজনো লোক আটক হ’বলগীয়া হৈছে। এগৰাকীৰ নাবালিকাক বিয়াপাতিবলৈ আহি আটক হৈছে ৰাজস্থানৰ লোক কেইজনৰ লগতে নাবলিকা গৰাকীৰ আত্মীয়।

এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে হোজাই জিলাৰ লংকাত। জানিব পৰা মতে লংকাৰ পাঞ্জাৱী বস্তিৰ এগৰাকী নাবালিকাক বিয়া পাতিবলৈ ৰাজস্থানৰ পৰা কেইবাজনো লোক। নাবলিকা গৰাকীৰ এগৰাকী আত্মীয়ই নাবলিকা গৰাকীক বিয়া দিবলৈ ৰাজস্থানৰ পৰা লোক কেইজনক লৈ আহিছিল। ৰাজস্থানৰ পৰা অহা এজন যুৱকৰ সৈতে নাবালিকা গৰাকীৰ আত্মীয়ই নাবলিকা গৰাকীক বিয়া দিবলৈ জোৰ কৰিছিল যদিও নাবলিকা গৰাকীৰ মাতৃ অমান্তি হৈ আছিল।

নাবলিকা গৰাকীৰ মাতৃ অমান্তি হোৱাৰ পিছতো নাবলিকা গৰাকীৰ আত্মীয় আৰু ৰাজস্থানৰ লোক কেইজনে বিয়া পাতিবলৈ জোৰ কৰাত নাবলিকা গৰাকীৰ মাতৃয়ে চিঞৰ বাখৰ কৰাত স্থানীয় ৰাইজ উপস্থিত হৈ পৰিস্থিতি উত্তপ্ত কৰি তোলে। ইয়াৰে পিছতে ঘটনা সন্দৰ্ভত স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ৭ জনকৈ লোকক আটক কৰে। আটকাধীন কেইজনৰ ভিতৰত দৰাসহ ৰাজস্থানৰ ৩ জন লোক আছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে যোৱা ফেব্ৰুৱাৰী মাহত অসম চৰকাৰৰ নিৰ্দেশমৰ্মে ৰাজ্যজুৰি চলিছিল বাল্য বিবাহ বিৰোধী অভিযান। এই অভিযানকালত বাল্য বিবাহ কৰোৱা স্বামী আৰু বাল্য বিবাহৰ লগত জড়িত হাজাৰ হাজাৰ লোক গ্ৰেপ্তাৰ হৈছিল। ইয়াৰ পিছতে এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছিল ৰাজ্যজুৰি। কিছুদিন পূৰ্বে পুনৰ অসম আৰক্ষীয়ে বাল্য বিবাহ বিৰোধী অভিযান চলাই বহু লোকক আটক কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল।