বিলাসীপাৰা, ১০ অক্টোবৰ, ২০২৩ : এইবাৰ নদীত ডকাইতিকাণ্ড (Robbery)। ব্ৰহ্মপুত্ৰ নদীৰ মাজত সংঘটিত হৈছে এক ডকাইতিকাণ্ড। নাৱেৰে ব্ৰহ্মপুত্ৰ নদীত যাত্ৰাৰ পথত ব্যৱসায়ীক লুটিলে ডকাইতৰ দলে। ২০ জনীয়া ডকাইতৰ দল এটাই লুটি নিলে ২০ লক্ষাধিক টকা। ডকাইতৰ দলটোৰ আক্ৰমণত আহত হৈছে ৬ জনকৈ ব্যৱসায়ী।

এক চাঞ্চল্যকৰ ডকাইতিকাণ্ড। ৰাজপথ অথবা কোনো লোকৰ ঘৰত নহয়, এইবাৰ ডকাইতিকাণ্ড সংঘটিত হৈছে ব্ৰহ্মপুত্ৰ নদীত মাজত। নাৱেৰে ব্ৰহ্মপুত্ৰ নদীত যাত্ৰা কৰা কেইবাজনো ব্যৱসায়ীক নদীৰ মাজতে আক্ৰমণত কৰি ডকাইতৰ দল এটাই লুটি নিলে ২০ লক্ষাধিক টকা। এই চাঞ্চল্যকৰ ডকাইতিকাণ্ড সংঘটিত হৈছে ধুবুৰী জিলাৰ বিলাসীপাৰাৰ শাইলধৰাত। ডকাইতৰ দলটোৱে দুখনকৈ ব্যৱসায়ীৰ নাৱত চলাইছিল লুটপাত।

জানিব পৰা মতে সোমবাৰে সন্ধিয়া প্ৰায় ৭ মান বজাত দুখনকৈ যন্ত্ৰচালিত নাৱেৰে কেইবাজনো ব্যৱসায়ী ব্ৰহ্মপুত্ৰ নদীৰে যাত্রা কৰি থকা সময়ত বিলাসীপাৰাৰ শাইলধৰাত ২০ জনীয়া ডকাইতৰ দল এটাই নাৱেৰে আহি ব্যৱসায়ী কেইজনক আগুৰি ধৰি লুটপাত চলায়। ডকাইতৰ দলটোৱে কেইবাজনো ব্যৱসায়ীক আক্ৰমণ কৰাত ৬ জনকৈ ব্যৱসায়ী আঘাতপ্ৰাপ্ত হয়।

আহত ব্যৱসায়ী কেইজনক বিলাসীপাৰা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। অস্ত্ৰধাৰী ডকাইতৰ দলটোৱে ব্যৱসায়ী কেইজনৰ পৰা ২০ লক্ষাধিক টকা লুটি নিয়ে বুলি জানিব পৰা গৈছে। ধুবুৰী আৰু গোৱালপাৰা জিলাৰ বিভিন্ন অঞ্চলৰ পৰা মৰাপাট, ধান, হাঁহ, কুকুৰা আদি লৈ ব্যৱসায়ী কেইজন জলেশ্বৰ বজাৰত বিক্ৰী কৰি সন্ধিয়াৰ ভাগত নাৱাৰে ঘূৰি যাওঁতে ব্ৰহ্মপুত্ৰ নদীৰ মাজত ডকাইতৰ দলে লুটপাত চলায় ব্যৱসায়ী কেইজনক।

ডকাইতিকাণ্ড সংঘটিত কৰি পলায়ন কৰা ডকাইতৰ দলটোক পিছত স্থানীয় ৰাইজে খেদি যায়। স্থানীয় ৰাইজে খেদি খেদি বিলাসীপাৰাৰ নায়েৰ আলগাত  দুজন ডকাইতক আটক কৰে। আটকাধীন ডকাইত দুজন গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ ছাদ্দাম মোল্লাহ আৰু শাহজামাল শ্বেখ বুলি জানিব পৰা গৈছে। ঘটনাৰ খবৰ পাই ঘটনাস্থলীত বিলাসীপাৰা আৰক্ষীৰ এটা দল উপস্থিত হৈ ডকাইত দুজনক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।