হাটশিঙিমাৰী : হাটশিঙিমাৰীৰ সুখচৰ-শান্তিপুৰত পথত সংঘটিত হয় এক ভয়ংকৰ পথ দুর্ঘটনা। এই ভয়ংকৰ পথ দুৰ্ঘটনাত আহত হয় সাতজনকৈ বিবাহযাত্ৰী। এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সুখচৰ থানাৰ অন্তৰ্গত শান্তিপুৰ গাঁৱত বৃহস্পতিবাৰে পুৱাৰ ভাগত বিবাহযাত্ৰী কঢ়িয়াই নিয়া টেম্পো এখন নিয়ন্ত্ৰণ হেৰুৱাই দুর্ঘটনাত পতিত হয়। ফলত টেম্পো খনত থকা সাতজনকৈ বিবাহযাত্ৰী গুৰুত্বৰভাৱে আহত হয়।

আহত বিবাহযাত্ৰী সকলৰ ভিতৰত এজনৰ অৱস্থা অতিকৈ সংকটজনক হোৱাত তেওঁক গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়। জিলাখনৰ সদৰ হাটশিঙিমাৰীৰ বেপাৰীপাৰা পাৰঘাটৰ পৰা তিনিখন টেম্পো দক্ষিণ শালমাৰাৰ মনিৰচৰলৈ বিবাহযাত্ৰীৰ এটা দল নিয়াৰ সময়ত এখন টেম্পো দুৰ্ঘটনাত পতিত হয়।

টেম্পো তিনিখন মানকাচৰ অভিমুখে কিছুদূৰ যোৱাৰ পিছতে শান্তিপুৰ গাঁও পোৱাৰ লগে লগে ধ্ৰুতবেগী এমএল-০৮-এফ-৯৩১৩ নম্বৰৰ টেম্পোখন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে বাগৰি পৰে। ফলত টেম্পোখনত থকা দহজন বিবাহযাত্ৰীৰ ভিতৰত সাতজন বিবাহযাত্ৰী আহত হয়।

আহত বিবাহযাত্ৰী কেইজনক হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আহত বিবাহযাত্ৰী কেইজন ক্ৰমে শম্ভু দাস, নিমাতী দাস, নৱজিত দাস, ৰবিন দাস, নিৰোবালা দাস, ৰাজ দাস, প্ৰিয়া দাস। ইয়াৰে শম্ভূ দাসৰ অৱস্থা সংকটজনক হোৱা বাবে তেওঁক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে।