ছিপাঝাৰ : আৰক্ষীৰ ওপৰত শিলা বর্ষণৰ ফলত আহত ১১ জনকৈ আৰক্ষীৰ লোক। প্ৰত্যুত্তৰত আৰক্ষীৰ গুলী চালনাত নিহত দুজন লোক। ছিপাঝাৰৰ গৰুখুটিত উচ্ছেদ অভিযান ভয়াবহ ৰূপ ধাৰণ কৰিছে। আৰক্ষী আৰু বেদখলকাৰীৰ মাজৰ সংঘাত নিয়ন্ত্ৰণহীন হৈ পৰিছে।

বৃহস্পতিবাৰে দৰং জিলাৰ ছিপাঝাৰৰ অন্তৰ্গত ধলপুৰৰ গৰুখুটিত প্ৰশাসন আৰু আৰক্ষীৰ লোকে উচ্ছেদ অভিযান চলাবলৈ যাওঁতে ভয়ংকৰ অঘটন সংঘটিত হয়। আৰক্ষী আৰু প্ৰশাসনক উচ্ছেদ অভিযান চলাওঁতে বেদখলকাৰীয়ে বাধা প্ৰদান কৰি প্ৰতিবাদ সাব্যস্ত কৰাত পৰিস্থিতি ভয়ংকৰ ৰূপ ধাৰণ কৰে।

উচ্ছেদ কৰিবলৈ যোৱা আৰক্ষীৰ ওপৰত প্ৰতিবাদকাৰী সকলে শিলা বর্ষণ কৰাত এগৰাকী মহিলা আৰক্ষীসহ ১১ জনকৈ আৰক্ষীৰ লোক আহত হয়। ফলত আৰক্ষীয়ে প্ৰত্যুত্তৰত গুলী চালনা কৰিবলৈ বাধ্য হয়। আৰক্ষীৰ গুলীত  নিহত হয় দুজনকৈ প্ৰতিবাদকাৰী।

উল্লেখ্য যে বৃহস্পতিবাৰে দ্বিতীয় দিনা ছিপাঝাৰৰ ধলপুৰৰ গৰুখুটিত আৰক্ষী আৰু প্ৰশাসনৰ লোকে উচ্ছেদ অভিযান চলাবলৈ গৈছিল। প্ৰতিবাদকাৰীৰ শিলা বর্ষণত আহত হোৱা আৰক্ষীৰ লোক সকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আহত এজন আৰক্ষীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।