মুকালমুৱা : এক ভয়ংকৰ পথ দুর্ঘটনা (Road Accident)। চুৰিৰ বাহনে মহতিয়াই নিলে কেইবাজনো লোকক। আৰক্ষীয়ে খেদি আহিছিল বাহনখন। গুৰুত্বৰভাৱে আহত ৭ জনকৈ লোক। এজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ।

শুকুৰবাৰে নিশাৰ ভাগত নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত মুকালমুৱাত এক ভয়ংকৰ পথ দুর্ঘটনা সংঘটিত হয়। এই ভয়ংকৰ পথ দুর্ঘটনাত ৭ জনকৈ লোক গুৰুত্বৰভাৱে আহত হয়। আৰক্ষীয়ে খেদি অহা এজন চুৰিৰ বাহনে পথৰ কাষত থকা কেইবাখনো বহন আৰু পথচাৰীক মহতিয়াই নিয়ে।

দৌলাশাল আৰক্ষীয়ে খেদি অহা চুৰিৰ বাহনখন কিছুদিন পূৰ্বে গুৱাহাটীৰ পৰা চুৰি হৈছিল। এএছ-০১-এনচি-০৩৪৬ নম্বৰৰ বাহনখনক দেখি দৌলাশাল আৰক্ষীয়ে বাহনখন জব্দ কৰাৰ বাবে বহনখন খেদি যায়। আৰক্ষীয়ে বাহনখন খেদি যোৱাত বাহনখন পলায়নৰ চেষ্টা চলাওঁতে মুকালমুৱা মাছ বজাৰৰ সন্মুখত থকা মাছ ব্যৱসায়ী, হোটেল ব্যৱসায়ী, কেইবাখনো বাহন আৰু পথচাৰীক মহতিয়াই নিয়ে।

দুর্ঘটনাত আহত হয় ক্ৰমে মুকালমুৱাৰ মকিব আলী, জুৰমাত আলী, আচান আলী, হামেদ আলী, ৰফিক আলী, মুজিবাৰ আলী আৰু নাৰায়ণপুৰৰ ৰবেন মেধি। ইয়াৰে মকিব আলীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়। দুর্ঘটনা সংঘটিত কৰি বাহনখনৰ চালকজন পলায়ন কৰে।