তিনিচুকীয়া, ৬ ছেপ্টেম্বৰ, ২০২৩ : এক ভয়ংকৰ পথ দুর্ঘটনা। এখন ট্ৰাক আৰু এখন টাটা মেজিকৰ মাজত মুখামুখি সংঘর্ষ। থিতাতে নিহত ৭ গৰাকী লোক, আহত ১২ গৰাকী (7 killed and 12 injured)। ট্ৰাকখনৰ চালকজন অত্যাধিক মদ্যপান কৰি ট্ৰাকখন চলাই আছিল। আহত সকলক চিকিৎসালয়লৈ প্ৰেৰণ। আহত সকলৰ ভিতৰত কেইবাগৰাকীৰ অৱস্থা সংকটজনক।

মঙলবাৰে নিশাৰ ভাগত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুর্ঘটনাত থিতাতে নিহত হৈছে ৭ গৰাকীকৈ লোক। এখন ট্ৰাক আৰু এখন মালবাহী টাটা মেজিকৰ মাজত হোৱা মুখামুখি সংঘর্ষত ৭ গৰাকী লোক থিতাতে নিহত হোৱাৰ লগতে গুৰুত্বৰভাৱে আহত হৈছে ১২ গৰাকী লোক। নিশা প্ৰায় ১০.৩০ বজাত তিনিচুকীয়া জিলাৰ কাকপথাৰত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুর্ঘটনা।

জানিব পৰা মতে, নিশা তিনিচুকীয়া জিলাৰ ডুমডুমাৰ সাপ্তাহিক মঙলবৰীয়া বজাৰ শেষ হোৱাত ডিৰাক সোণজান লোক সকল মালবাহী টাটা মেজিকৰে গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা এখন ট্ৰাকৰ লগত মালবাহী টাটা মেজিকখনৰ মুখামুখি সংঘৰ্ষ লাগে। ফলত মালবাহী টাটা মেজিক বাহনখনত থকা ৭ গৰাকী লোক থিতাতে নিহত হয়। এই ভয়ংকৰ পথ দুর্ঘটনাত আহত হোৱা ১২ গৰাকী লোকক ততাতৈয়াকৈ উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

আহত সকলৰ ভিতৰত কেইবাগৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। সংকটজনক অৱস্থাত থকা সকলক ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল লৈ প্ৰেৰণ কৰা হৈছে। আহত সকলৰ ভিতৰত এগৰাকী শিশুও আছে। দুর্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ নম্বৰ এএছ-২৩-চিচি-৮৯৩০ আৰু মালবাহী টাটা মেজিকখনৰ নম্বৰ এ আৰ-২০-এ-১০৯৩ বুলি জানিব পৰা গৈছে। ট্ৰাকখন অৰুণাচল প্ৰদেশৰ দিশৰ পৰা আহি আছিল। ট্ৰাকখনৰ চালকজন অত্যাধিক মদ্যপান কৰি ট্ৰাক চলাই থকাৰ বাবে এই ভয়ংকৰ পথ দুর্ঘটনা সংঘটিত হয়।

এই ভয়ংকৰ পথ দুর্ঘটনাত থিতাতে নিহত হোৱা সকল হৈছে ক্ৰমে ৰিণা গগৈ, পবেন মৰাণ, মিহিধৰ নেওগ, বিনীতা বৰুৱা, কুলাই মেছ আৰু পল্লৱী দহোটীয়া। আহত সকল হৈছে ক্ৰমে অতুল গগৈ, জোণালী মৰাণ, বুৰঞ্জীত মৰাণ, বিকাশ নেওগ, মনো মৰাণ, গোলেশ্বৰ মৰাণ, যশোদা মৰাণ, এবলতা মৰাণ, লক্ষীমণি মৰাণ, পিংকি মৰাণ আৰু মাকৰ গগৈ। উক্ত স্থানত প্ৰায়ে দুর্ঘটনা সংঘটিত হৈ থকা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে। ৰাইজে উক্ত স্থানত স্পীড ব্ৰেকাৰ নিৰ্মাণৰ বাবে কেইবাবাৰো প্ৰশাসনক অনুৰোধ জনাইছে যদিও প্ৰশাসনে গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে ৰাইজে।