জিতুমণি শৰ্মা

পলাশবাৰী, ৬ ছেপ্টেম্বৰ, ২০২৩ : দক্ষিণ কামৰূপৰ পৰা সন্ধানহীন দুইজন লোক (Two Missing From South Kamrup)। এজন যুৱক আৰু এগৰাকী বৃদ্ধ সন্ধানহীন। যুৱকজন পলাশবাৰীৰ আৰু বৃদ্ধ গৰাকী আজাৰাৰ মাজিৰগাঁওৰ। দুয়োটা পৰিয়ালৰ মাজত লাগিছে হাহাকাৰ। পৰিয়াল দুটাই থানাত এজাহাৰ দাখিল কৰিছে।

দক্ষিণ কামৰূপৰ পৰা সন্ধানহীন হৈছে এজন যুৱকৰ লগতে এগৰাকী বৃদ্ধ। সন্ধানহীন হোৱা বৃদ্ধ গৰাকী ৬০ বছৰীয়া ৰাধিকা কলিতা আৰু যুৱকজন হৈছে ১৯ বছৰীয়া নৱজিত দাস। বৃদ্ধ গৰাকীৰ আজাৰা থানাৰ অন্তৰ্গত মাজিৰগাঁৱৰ বাসিন্ধা। ৫ ছেপ্টেম্বৰত (মঙলবাৰ) ৬০ বছৰীয়া ৰাধিকা কলিতা নামৰ বৃদ্ধ গৰাকী প্ৰাতঃভ্ৰমণ কৰিবলৈ ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ আছে।

সন্ধানহীন হোৱা সময়ত ৰাধিকা কলিতা নামৰ বৃদ্ধ গৰাকী খাকী ৰঙত লংপেন্ট আৰু বগা ৰঙৰ চাৰ্ট পৰিধান কৰি আছিল বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচৰিছে যদিও ৰাধিকা কলিতাৰ কোনো সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই। ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে আজাৰা থানাত এজাহাৰ দাখিল কৰিছে। কোনো লোকে বৃদ্ধ গৰাকীৰ সম্ভেদ পালে ৬০০২১৪৫৩৮৩ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।

ইফালে পলাশবাৰীৰ পৰা আন এজন যুৱক সন্ধানহীন হোৱা ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে পলাশবাৰী অঞ্চলত। সন্ধানহীন হোৱা যুৱকজন পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত আমৰাঙাৰ মেধিপাৰাৰ ১৯ বছৰীয়া নৱজিত দাস। মণিপুৰৰ পৰা ঘৰলৈ বুলি আহি থকা অৱস্থাত সন্ধানহীন হয় নৱজিত দাস। ৩ ছেপ্টেম্বৰত মণিপুৰৰ পৰা আহি মিৰ্জাত উপস্থিত হয় যদিও ঘৰত উপস্থিত নহয় নৱজিত দাস।

আমৰাঙাৰ মেধিপাৰাৰ তৰালী দাসৰ ১৯ বছৰীয়া দ্বিতীয় পুত্ৰ নৱজিত দাস হঠাৎ সন্ধানহীন হৈ পৰাত পৰিয়ালটোৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। মাতৃ তৰালী দাসে বিভিন্ন ঠাইত বিচাৰিও পুত্ৰৰ কোনো সম্ভেদ নাপাই শোকত ভাঙি পৰিছে। ঘটনা সন্দৰ্ভত ইতিমধ্যে পলাশবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। কোনো লোকে নৱজিত দাসৰ সম্ভেদ পালে ৬৯০০৭৭০০৮৭ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।