কলগাছিয়া, ৫ আগষ্টঃ বৰপেটাৰ ৰূপসী শিক্ষাখণ্ডত চিআৰচিচিয়ে প্ৰাৰ্থীৰ পৰা অবৈধ ভাৱে টকা লৈ বিভাগীয় অনুমোদন নোহোৱাকৈ পৰিচালনা সমিতি নিৰ্বাচন অনুষ্ঠিত কৰাৰ অভিযোগ উত্থাপন হৈছে৷ প্ৰাপ্ত তথ্য মতে, ৰাজ্যৰ শিক্ষাখণ্ডৰ অন্তৰ্গত  কলগাছিয়া সমল কেন্দ্ৰ সম্বন্ধয়ক মহম্মদ আলীয়ে  গুনিয়ালগুৰি প্ৰাথমিক বিদ্যালয়ৰ এছএমচি গঠনৰ নামত দিন নিৰ্দ্ধাৰণ কৰি অবৈধ ভাৱে ধন সংগ্ৰহ কৰিছে। মহম্মদ আলীয়ে নিৰ্বাচনৰ খৰচৰ নামত সভাপতি পদৰ প্ৰাৰ্থী ক্ৰমে শ্বহিদুল ইছলাম আৰু মইনুল হকৰ পৰা দহ হাজাৰকৈ মুঠ বিশ হাজাৰ টকা সংগ্ৰহ কৰে বুলি প্ৰাৰ্থী দুগৰাকীয়ে জানিবলৈ দিয়ে। ইয়াৰ লগতে সমল কেন্দ্ৰ সমন্বয়ক গৰাকীয়ে ১২ নং মধ্য ইংৰাজী বিদ্যালয় আৰু মধ্য আমগুৰি প্ৰাথমিক বিদ্যালয়ৰ পৰাও নিৰ্বাচন অনুষ্ঠিত কৰাৰ নামত দহ হাজাৰ টকা দাবী কৰাৰ তথ্য পোহৰলৈ আহিছে। কোনো বিভাগীয় নিৰ্দেশনা অবিহনেই সমল সমন্বয়ক গৰাকীয়ে এনেদৰে এছএমচি গঠনৰ নিৰ্বাচনৰ দিন নিৰ্দ্ধাৰণ কৰি ধন সংগ্ৰহ কৰা ঘটনাই অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সমল কেন্দ্ৰ সম্বন্ধয়ক মহম্মদ আলীৰ এনে একনায়কত্ববাদ আৰু অবৈধ কাৰ্য্যৰ বিৰুদ্ধে  বিভাগীয় কৰ্তপক্ষক ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় লোকে দাবী জনাইছে৷