সোণতলী, ৫ আগষ্টঃ দক্ষিণ কামৰূপৰ সোণতলীত অব্যাহত আছে গৰাখহনীয়া৷ পাইখাইতিৰ পিছত এইবাৰ ব্ৰহ্মপুত্ৰৰ গৰা খহনীয়াই কালৰূপ ধাৰণ কৰিছে বকো সমষ্টিৰ সোণতলীৰ গৰৈমাৰী বিলৰজান অঞ্চলত৷ বিলৰজানত বৰলুইতৰ বুকুত বিলীন হৈছে ইখনৰ পিছত সিখন গাঁও৷ গৰাখহনীয়াৰ আতংকত ভোকে-লঘোণে, নিদ্ৰা-অনিদ্ৰাই মুকলি আকাশৰ তলত বাস কৰিবলগীয়া হৈছে অঞ্চলবাসীয়ে৷ ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে কান্ধাপাৰা, গৰৈমাৰী বিলৰজান, গৰৈমাৰী এন ছি, লক্ষীপুৰ, মৰিচাকান্ধী, কৰাইটাৰী, গৰৈমাৰী চৰগাওঁ, বৰঘোলকে ধৰি প্ৰায় ত্ৰিছখনতকৈ অধিক গাঁৱৰ লগতে কেবাখনো প্ৰাথমিক বিদ্যালয়, মজলীয়া বিদ্যালয়, অঙ্গনাবাড়ী কেন্দ্ৰ, মোক্তাৱ, মাদ্ৰাছা, মছজিদ, পুথিভঁৰাল, ক্লাৱ আদিকে ধৰি অৰ্ধ শতাধিক চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান৷ উল্লেখ্য যে, অঞ্চলটোত প্ৰায় ২০ বছৰ ধৰি অব্যাহত খহনীয়া থকা খহনীয়াত শতাধিক পৰিয়ালে হেৰুৱাবলগীয়া হৈছে ঘৰ-দুৱাৰৰ লগতে হাজাৰ হাজাৰ বিঘা কৃষি ভূমি৷ কিন্তু চলিত অসমীয়া বৰ্ষৰ জেঠৰ পৰা আৰম্ভ হৈছে ব্যাপক খহনীয়া৷ বিগত সপ্তাহটোত দিনে নিশাই একেধাৰে চপৰা-চপৰে খহিছে কৃষি প্ৰধান অঞ্চলটোৰ লোকৰ ঘৰ-দুৱাৰ, কৃষি ভূমি৷ সম্প্ৰতি গৰাখহনীয়াৰ এই হাৰ অব্যাহত থাকিলে অতি কম দিনতে অসমৰ মানচিত্ৰৰ পৰা নাইকিয়া বকো সমষ্টিৰ সোণতলীৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ঐতিহাসিক মাহতলী বজাৰ৷ ইমানৰ পিছতো অঞ্চলবাসীৰ খবৰ লবলৈ আহৰি নাই বিভাগীয় কৰ্তৃপক্ষ তথা জনপ্ৰতিনিধিৰ৷