শিৱসাগৰ, ১১ মেঃ অসম আৰক্ষীক আধুনিকৰণৰ লগতে ন-ন প্রযুক্তিৰে সাজু কৰি তুলিবৰ বাবে চৰকাৰ-প্ৰশাসনে চলাই থকা সকলো প্রচেষ্টাক মুকলিকৈ উপহাস কৰি অহা চাইবাৰ অপৰাধীৰ ভয়ানক জালত পৰিছে শিৱসাগৰ জিলাৰ বিভিন্ন প্রান্তৰ জনসাধাৰণ। দিন ডকাইতকৈয়ো ভয়াবহ ৰূপ ধাৰণ কৰা চাইবাৰ অপৰাধীয়ে আৰক্ষীৰ চকুৰ সন্মুখতেই প্রযুক্তিৰ সহায়ত অতি কৌশলেৰে চলাই অহা লুণ্ঠনৰ হাতোৰাৰ পৰা এজন সাধাৰণ গ্রাহক কথমপিহে ৰক্ষা পৰাৰ ঘটনাই শিৱসাগৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে। বর্তমান সময়ত সর্বাধিক জনপ্রিয় হোৱা অনলাইন পদ্ধতিৰে সামগ্ৰী ক্রয় কৰিবলৈ যোৱা গ্ৰাহকজনে পৰৱৰ্তী সময়ত অনলাইন সামগ্ৰী যোগান ধৰা প্রতিষ্ঠানটোৰ তৰফৰ পৰা পেলোৱা ভয়ানক ষড়যন্ত্ৰৰ পৰা কথমপি ওলাই অহাৰ পিছতেই পোহৰলৈ আহিছে এই বিস্ফোৰক তথ্য। উল্লেখ্য যে শিৱসাগক মুখ্য লক্ষ্য কৰি লোৱা এই বহিঃৰাজ্যৰ চাইবাৰ অপৰাধীৰ দলটোৱে সঘনাই গ্রাহকৰ একাউণ্টৰ ধন লুণ্ঠন কৰি অহাৰ পিছতেই এইবাৰ অনলাইন প্রতিষ্ঠানৰ পৰা সামগ্ৰী ক্রয় কৰা এজন গ্রাহকৰ সমুদায় সামগ্ৰী ক্ৰয়ৰ তালিকা হাতত লৈ গ্রাহকৰ ম’বাইললৈ ফোন কৰি প্ৰথমতে ঘনিষ্ঠতা আৰু পৰৱৰ্তী সময়ত উক্ত প্রতিষ্ঠানটোৰে গইনা লৈয়ে অনুষ্ঠিত হােৱা লটাৰী খেলত বৃহৎ অংকৰ ধন লাভ কৰা বুলি পতিয়ন নিয়াৰ চেষ্টা চলায়। জানিব পৰা মতে চহৰৰ মুক্তিনাথ চাৰিআলিৰ ব্যৱসায়ী সুশাংক বৰগোঁহাই নামৰ ব্যক্তিজনে আজিৰ পৰা পোন্ধৰ দিনৰ আগত নাপ’তুল নামৰ প্ৰতিষ্ঠানটােৰ জৰিয়তে সাতটা বেগ অনলাইন পদ্ধতিৰে ক্ৰয় কৰিছিল। নিৰ্দ্ধাৰিত সময়তে এজেণ্টৰ জৰিয়তে বেগ পোৱাৰ পিছতেই এই ব্যক্তিজনৰ ম’বাইল ফোনলৈ এজন অচিনাকি হিন্দীভাষী লোকে ৭২৫০০৭৪৯৭৩ নম্বৰৰ পৰা ফোন কৰি নাপ’তুল নামৰ প্ৰতিষ্ঠানটােৰ কৰ্মচাৰী বুলি চিনাকি দিয়াৰ লগতে সামগ্ৰীসমূহ সঠিক সময়ত আপুনি সংগ্ৰহ কৰিছেনে বুলি খা-খবৰ লোৱাৰ পিছতেই আপুনি আমাৰ প্রতিষ্ঠানটােৰ জৰিয়তে অনুষ্ঠিত কৰা লটাৰী খেলখনত ১২.৫ লাখ টকাৰ প্ৰথম পুৰস্কাৰ লাভ কৰা বুলি জনায়। ইয়াৰ এটা দিনৰ পিছতেই পুনৰ প্ৰতিষ্ঠানটােৰ পৰিচয়েৰে ফোন কৰা ব্যক্তিজনে প্রথম পুৰস্কাৰটাে লাভ কৰাৰ বিনিময়ত ২০৩৬৫৩৭৫৩১৮ নম্বৰৰ ষ্টেট বেংকৰ এই একাউণ্টত ৬,৫০০ টকা তাৎক্ষণিকভাৱে জমা দিলে এঘণ্টাৰ ভিতৰত নিজৰ একাউণ্টত এই বৃহৎ ধনৰাশি জমা হ’ব বুলি জনায়। কিন্তু গ্ৰাহকজনে এইয়া প্রকৃততে চাইবাৰ অপৰাধীৰ ষড়যন্ত্ৰৰ জাল বুলি নিশ্চিত হৈ তাৎক্ষণিকভাৱে আৰক্ষীৰ ওচৰত অভিযোেগ দিয়ে। স্মর্তব্য যে এই চতুৰ অপৰাধী চক্রটােৱে বিভিন্ন অজুহাত দেখাই একাউণ্ট নম্বৰ, এ.টি.এম কার্ডকে ধৰি গুৰুত্বপূর্ণ নথিসমূহৰ সন্দৰ্ভত নিজকে বেংকৰ উর্ধতম কর্তৃপক্ষ, চােৰাংচােৱা বিভাগ, কেন্দ্রীয় গৃহবিভাগৰ কৰ্মচাৰী বুলি চিনাকি দিয়া চক্ৰ এটায়ো ব্যাপক সক্রিয়তাৰে জিলাখনত অভিযান চলাই অহাৰ ফলতেই প্রতিদিনেই সাধাৰণ গ্রাহকে ৰাষ্ট্ৰীয়কৃত বেংকৰ একাউণ্টৰ পৰা প্রকৃত গ্ৰাহকৰ অজ্ঞাতেই হেৰুৱাবলগীয়া হােৱাৰ লগতে লটাৰী লাভ কৰাৰ নামতো এনে অপৰাধীৰ একাউণ্টত লাখে লাখে ধন জমা দি গ্রাহক সর্বস্বান্ত হৈ আহিছে। কিন্তু বর্তমানলৈকে আৰক্ষী প্রশাসনৰ ওচৰত সহস্রাধিক এনে অভিযোগ দাখিল কৰাৰ পিছত অপৰাধীক আটক কৰাটাে দূৰৈৰ কথা এনে অপৰাধীৰ দৌৰাত্ম্য সামান্যও ৰোধ কৰিব পৰা নাই আৰক্ষীয়ে। প্রতিদিনেই নিজকে টাৱাৰ নিৰ্মাণ কোম্পানীৰ বিষয়া তথা সময়ে সময়ে বিভিন্ন গুৰুত্বপূর্ণ বিভাগৰ বিষয়াৰ নাম লৈ লুটপাত চলাই অহা এই চক্রটােৱে নাপ’তুল নামৰ অনলাইন সামগ্ৰী বিক্ৰীৰ প্ৰতিষ্ঠানটোৰ পৰা ক্রয় কৰা সামগ্ৰীৰ বিতং তালিকা স্পষ্টকৈ উল্লেখ কৰাৰ ঘটনাই এই প্রতিষ্ঠানটােও চাইবাৰ অপৰাধীৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে। তেনেস্থলত দিন ডকাইততকৈয়ো ভয়াবহ ৰূপ ধাৰণ কৰা এনে অপৰাধীক গ্রেপ্তাৰৰ বাবে ডিজিটেল ইণ্ডিয়াৰ আধুনিক অসম আৰক্ষীয়ে কি প্রযুক্তি ব্যৱহাৰ কৰি ৰাইজক নিৰাপত্তা দিয়াৰ লগতে চাইবাৰ অপৰাধীক পুলি পোখাই উৎখাত কৰে সেয়া হ’ব লক্ষ্যণীয়।