গুৱাহাটী : মহানগৰী গুৱাহাটীত এক পথ দুৰ্ঘটনাত নিহত হয় এগৰাকী ভিডিঅ’ জাৰ্নেলিষ্ট। মালিগাঁৱৰ কালীপুৰত দেওবাৰে নিশা এক পথ দুর্ঘটনাত মৃত্যু হয় ভিডিঅ’ জাৰ্নেলিষ্ট আইজুৰ আলীৰ। নিশা কৰ্মস্থলীৰ পৰা স্কুটীৰে ঘৰলৈ গৈ থকা অৱস্থাত সংঘটিত হয় এই পথ দুর্ঘটনা।

অসম লাইভ ২৪ ৰ ভিডিঅ’ জাৰ্নেলিষ্ট আইজুৰ আলী দেওবাৰে নিশা কাৰ্যালয়ৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত মালিগাঁৱৰ কালীপুৰত পথ দুৰ্ঘটনাত গুৰুত্বৰভাৱে আহত হয়। জানিব পৰা মতে স্কুটীৰে গাড়ীগাঁওস্থিত ঘৰলৈ গৈ থকা সময়ত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা শিলত খুন্দা মাৰি বাগৰি পৰে আইজুৰ আলী।

আহত ভিডিঅ’ জাৰ্নেলিষ্ট আইজুৰ আলীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ভিডিঅ’ জাৰ্নেলিষ্ট আইজুৰ আলীয়ে। পথ দুর্ঘটনাত গাড়ীগাঁও অঞ্চলৰ এগৰাকী সংবাদকৰ্মীৰ মৃত্যু হোৱা ঘটনাই গাড়ীগাঁও অঞ্চলৰ লগতে সংবাদ জগতত শোকৰ ছাঁ পেলাইছে।