আমিনুৰ ৰহমানৰ সহযোগত ‌‌প্ৰীতী পাৰিক

শিৱসাগৰ : ঐতিহাসিক শিৱসাগৰত ভোগালী বিহুৰ দিনা উদুলি মুদুলি পৰিৱেশ। শিৱসাগৰ নগৰৰ সমীপৱৰ্তী বৃহত্তৰ কাথপাৰৰ বাণমুখ অঞ্চলৰ ৰাইজে চানৰাইজ ক্লাবৰ উদ্যোগত ভোগালী উৎসৱৰ আয়োজন কৰে। মটক সম্প্ৰদায়ৰ ভোগালী উৎসৱত জিলিকি উঠিল জাতিৰ পুৰাতন ঐতিহ্য-পৰম্পৰা।

অসমৰ চহা গ্ৰাম্য জীৱনৰ চানেকিৰে অসমীয়াৰ ঐতিহ্য, সংস্কৃতিৰ আৰু পৰম্পৰাৰ লগত উঠি অহা নৱ প্ৰজন্মক চিনাকি কৰি দিয়াৰ প্ৰয়াস কৰিছে বাণমুখৰ চানৰাইজ ক্লাবে।দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ত্রয়োদশ বাৰ্ষিক ভোগালী উৎসৱৰ প্ৰথম দিনা মেজি স্থাপন আৰু যুৱক-যুৱতী সকলে সামূহিক চাফাই অভিযান চলায়।

ভোগালী বিহুৰ পৰম্পৰা অনুসৰি উৰুকাৰ নিশা হাঁহে-মাহে ভেলা ঘৰত সম্প্ৰীতিৰে এসাঁজ খাই সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে পুৱাৰ ভাগত মেজি আৰু ভেলা ঘৰ জ্বলোৱা হয়। শিৱসাগৰৰ বাণমুখ অঞ্চলত পুৱাই অঞ্চটোৰ ৰাইজ মেজিৰ বাকৰিত একত্ৰিত হৈ মেজি জ্বলাই অগ্নিক সেৱা জনাই সকলো অপায়-অমংগল দূৰ কৰাৰ লগতে মানৱ জাতিৰ মংগল কামনা কৰে।

কাঠমেজি আৰু কলা মেজিৰ জুইৰ উত্তাপত উমাল হৈ পৰে কাথপাৰ। গাঁওবাসীৰ ভোগালীৰ আনন্দ। ম’হৰ এঠা দৈ, মালভোগ ধানৰ চিৰাৰে গাঁওবাসীয়ে খালে ভোগালীৰ জলপান। জ্যেষ্ঠ সকলক কণিষ্ঠৰ বিহুৰ সেৱাই এক আধ্যাত্মিক পৰিৱেশ গঢ়ি দিয়ে অঞ্চলটোত।

বছৰটোৰ বাবে সমাজৰ পৰা অপায়-অমংগল নাশ হোৱাৰ কামনা কৰি গায়ন বায়নৰ খোল তলৰ মংগল ধ্বনিৰ মাজত ভকত সকলে ভগৱানৰ ওচৰত সেৱা লৈ মেজিঘৰত অগ্নি সংযোগ কৰে। পুৱা গাঁৱৰ ভকত বৈষ্ণৱ সকলক শৰাই অৰ্পণৰ পৰম্পৰা ৰক্ষা কৰাৰ পিছতে মেজি প্ৰজ্বলন আৰু মাহপ্ৰসাদ বিতৰণ কৰা হয়।