মানিকপুৰ, ২২ আগষ্টঃ বঙাইগাঁৱৰ উত্তৰ শালমাৰা মহকুমাৰ অন্তৰ্গত চাকলা-কোকিলা ৰাজ্যিক চিকিৎসালয়ত চিকিৎসক আৰু নাৰ্চৰ মইমতালিৰ বাবে চিকিৎসালয়ৰ চৌহদত সন্তান জন্ম দিবলগীয়া হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য মতে, কোকিলা প্ৰথম খণ্ডৰ আজিজুল হকৰ পত্নী ইয়াতন নেচা প্ৰসৱ যন্ত্ৰনাত ছটফটাই থকাৰ বাবে সন্ধিয়া প্ৰায় ৬.৩০ বজাত চিকিৎসালয়ত আনে। কিন্তু সেইসময়ত চিকিৎসালয়ৰ দ্ভায়িত্বত থকা চিকিৎসক ড০ নুৰ আলম, ড০ জয়দেৱ সাহা, ড০আবিদা খাতুনসহ চাৰিগৰাকী নাৰ্ছ আৰু চকীদাৰ চিকিৎসালয়ত নথকাত চিকিৎসালয়ত তলা লাগি থকাত ইয়াতনক বাৰান্দাত কাপোৰ আৰি শুৱাই থয়। পৰিয়ালৰ লোকৰ লগতে স্থানীয় কেবাজনো লোকে চিকিৎসক আৰু নাৰ্চক ফোনত যোগাযোগ কৰে যদিও কোনোৱে গুৰুত্ব নিদিয়ে। অৱশেষত নিশা প্ৰায় ৮ বজাত সাংবাদিকৰ দল চিকিৎসালয়ত উপস্থিত হৈ বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰাত একমাত্ৰ চকীদাৰজন আহি চিকিৎসালয়ৰ দৰ্জাৰ তলা খুলি দিয়ে। প্ৰায় একঘন্টা পিছত দুগৰাকী নাৰ্ছ চিকিৎসালয়ত উপস্থিত হৈ আজিজুলৰ লগত বাক যুদ্ধত লিপ্ত হয় আৰু ৰোগীৰ পৰিয়ালক অশ্লীল ভাষাৰে গালি দিয়ে৷ স্থানীয় লোকৰ অভিযোগ মতে ড০ নুৰ আলমে চিকিৎসালয়ৰ অধীক্ষকৰ দায়িত্ব লোৱাৰ পিছৰে পৰাই তিনিজন চিকিৎসকে মাত্ৰ দুদিনকৈ চিকিৎসালয়ত কৰ্তব্য পালন কৰে৷ তদুপৰি  দুগৰাকী নাৰ্ছে সন্তান প্ৰসৱ কৰাৰ নামত ধনদাবী কৰা, ধন দিব নোৱাৰা মহিলাক দুব্যৱহাৰ কৰাকে ধৰি বিভিন্ন অভিযোগ উঠিছে। চিকিৎসালয় চৌহদত সময়ে সময়ে অনৈতিক কাণ্ড সংগঠিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে কেবাজনো যুৱকে। ইয়াৰ পূৰ্বেও বিভাগীয় কৰ্তৃপক্ষক স্থানীয় লোকে বহুবাৰ অভিযোগ কৰিও কোনো সুফল পোৱা নাই। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চিকিৎসালয়ৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবনে?