অনলাইন ডেস্ক সংবাদ ৩৬৫, ২২ আগষ্টঃ তিন তালাক সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে ঐতিহাসিক ৰায়দান কৰে৷ ন্যায়ালয়ে ছয়মাহলৈ তিন তালাক নিষিদ্ধ ঘোষণা কৰি কেন্দ্ৰীয় চৰকাৰক এই সন্দৰ্ভত আইন প্ৰণয়নৰ নিৰ্দেশ দিয়ে৷ ন্যায়ালয়ে তিন তালাকৰ আইন প্ৰণয়ন ক্ষেত্ৰত মুছলিম সংগঠন আৰু ছৰিয়া কানুন সম্বন্ধীয় দিশৰ ওপৰতো দৃষ্টি ৰাখিবলৈ নিৰ্দেশ দিয়ে৷ ন্যায়ালয়ৰ এই ৰায়দানৰ পিছত কেন্দ্ৰই ৰাজনৈতিক দলসমূহক ব্যক্তিগত মতানৈক্য পাহৰি তিন তালাকৰ আইন প্ৰণয়নৰ ক্ষেত্ৰত সকলোৰে সহযোগিতাৰ আহ্বান জনাইছে৷ উল্লেখ্য যে, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ জে এছ খেহৰৰ ৫ জনীয়া বিচাৰপীঠৰ তিনিজন ন্যায়াধীশে তিন তালাকক অসংবিধানিক বুলি ঘোষণা কৰাৰ সপক্ষে মতামত দিয়াৰ বিপৰীতে দুজন ন্যায়াধীশ ইয়াৰ বিৰোধীতা কৰে৷ ন্যায়ালয়ে ইছলামিক ৰাষ্ট্ৰয়ো তিন তালাক ব্যৱস্থাৰ অৱসানৰ সপক্ষে মতামত দিয়াৰ পিছত ভাৰতৰ দৰে স্বাধীন ৰাষ্ট্ৰই কিয় তিন তালাক প্ৰথাৰ পৰা মুক্তি পাব নোৱাৰে বুলি প্ৰশ্ন উত্থাপন কৰে৷ ন্যায়ালয়ে লগতে প্ৰশ্ন উত্থাপন কৰে যে, যিটো ধৰ্ম অনুসৰি ঘৃণনীয় তাক আইন অনুসৰি কেনেদৰে বৈধ বুলি ক’ব পাৰি৷ ন্যায়ালয়ে ছয়মাহৰ ভিতৰত তিন তালাক আইন প্ৰণয়ন নহ’লে ন্যায়ালয়ৰ নিৰ্দেশ বাহাল থাকিব বুলি উল্লেখ কৰে৷