গুৱাহাটী, সংবাদ ৩৬৫, ১৯ আগষ্ট : ট্ৰেক এন টেলে মুকলি কৰিলে নেটৱৰ্ক অবিহনে লাইভ ভেহিকল ট্ৰেকিংৰ বাবে মুকলি কৰিলে “ইন্টেলিপ্লে এক্সট্ৰিম ।

ইন্টেলিপ্লে এক্সট্ৰিম হৈছে এবিধ স্মাৰ্ট ইনফ’টেইনমেণ্ট সঁজুলি যিয়ে ইয়াৰ উন্নত ছফ্টৱেৰৰ জৰিয়তে গাড়ী এখনৰ সম্পূৰ্ণ লাইভ ট্ৰেকিংৰ সুবিধা আগবঢ়ায় । ট্ৰেক এন টেলে ২০১৬ চনৰ পৰাই উত্তৰ-পূৰ্বাঞ্চলত ব্যৱসায় কৰি আহিছে ।

ট্ৰেক এন টেল “মেক ইন ইণ্ডিয়া “ৰ প্ৰতি দায়বদ্ধ আৰু প্ৰতিষ্ঠানটোৱে দেশ-বিদেশৰ বজাৰৰ বাবে আধুনিক গাড়ীৰ সুৰক্ষাৰ সমাধান প্ৰস্তুত কৰি আহিছে । এতিয়া গাড়ীৰ গৰাকীসকলে তেওঁলোকৰ গাড়ীসমূহ গুগল মেপছৰ দৰে ডিজিটেল মানচিত্ৰত পি চি আৰু স্মাৰ্ট ফোনত চাব পাৰিব । যিকোনো স্থানৰ পৰাই তেওঁলোকে সুৰক্ষাৰ বাবে গাড়ীৰ গতি-বিধি লক্ষ্য কৰিব পাৰিব ।

উল্লেখযোগ্য যে ট্ৰেক এন টেল হৈছে গাড়ীৰ গৰাকী আৰু গাড়ী নিৰ্মাতা প্ৰতিষ্ঠানসমূহলৈ কাষ্টমাইজড টেলিমেটিক্স ছলিউছন আগবঢ়োৱা এটা অগ্ৰণী অনুষ্ঠান । এই প্ৰতিষ্ঠানটোৱে ভেহিকল ট্ৰেকিং , ই ম’বিলাইজেচন আদিৰ লগতে ইঞ্জিনৰ গুণগত মান আদিৰ তদাৰকৰ বাবেও জি পি এছ সঁজুলি আগবঢ়াই। গুৰগাঁৱত মুখ্য কাৰ্যালয়ত থকা প্ৰতিষ্ঠানটো ২০০৭ চনৰ মে’ মাহত স্থাপন কৰা হৈছিল ।

ইয়াৰোপৰি ২০২০ বিত্তীয় বৰ্ষলৈ উত্তৰ-পূৰ্বাঞ্চলত ব্যৱসায়ৰ পৰিসৰ ১ কোটি টকালৈ বৃদ্ধি কৰিব ট্ৰেক এন টেলে । এই কথা সদৰী কৰিছে ভেহিকল ট্ৰেকিং সঁজুলি নিৰ্মাণ কৰি অহা অগ্ৰণী আই অ’ টি চলিউচন প্ৰতিষ্ঠাণ ট্ৰেক এন টেলে ।

২০২০ বিত্তীয় বৰ্ষলৈ উত্তৰ-পূৰ্বাঞ্চলত ব্যৱসায়ৰ পৰিসৰ ১ কোটি টকালৈ বৃদ্ধি কৰাৰ প্ৰসংগত ট্ৰেক এন টেলৰ সহযোগী প্ৰতিষ্ঠাপক তথা চি অ’ অ’ ঋতু গুপ্তাই কয় ” আমাৰ বানে উত্তৰ-পূৰ্বাঞ্চলৰ বজাৰখন যথেষ্ট গুৰুত্বপূৰ্ণ আৰু এই অঞ্চলত পোৱা সঁহাৰিয়ে আমাক ব্যৱসায়ৰ পৰিসৰ বৃদ্ধি কৰাত উদগনি যোগাইছে । আমি উত্তৰ -পূৰ্বাঞ্চলৰ পৰা ২০২০ বিত্তীয় বৰ্ষলৈকে ১ কোটি টকাৰ ৰাজহ লাভ কৰিব পাৰিম বুলি লক্ষ্য নিৰ্ধাৰণ কৰিছো।”