গুৱাহাটী, সংবাদ ৩৭৫, ২০ আগষ্ট : আই চি ইউৰ ভিতৰত অনাধিকাৰ প্ৰৱেশ কৰাৰ লগতে কেমেৰাৰ অনুমতি অবিহনে দৃশ্য গ্ৰহণ কৰাৰ অপৰাধত আটক কৰা হয় তিনিজন প্ৰতিবিম্ব লাইভ নামৰ এটা ৱেব পৰ্টেলৰ সংবাদকৰ্মীক ৷

মহানগৰীৰ লখৰাৰ ক্ৰিটিকেল কেয়াৰ হাস্পতালৰ কৰ্মচাৰীক ভাবুকি দিয়াৰ অভিযোগত আটক কৰা হয় সংবাদকৰ্মী কেইজনক । সংবাদকৰ্মী কেইজনৰ নাম আশ্বিফ ইকবাল হুছেইন, বিনয় কলিতা আৰু মিন্টু শৰ্মা । পলাতক অৱস্থাত আছে বিনয় কলিতা ।

উল্লেখযোগ্য যে ধৃত সংবাদ কৰ্মীকেইজনৰ বিৰুদ্ধে পূৰ্বৰে পৰা আছিল বিভিন্ন অভিযোগ ।

ইতিমধ্যে ১৩৭৫/১৯ ত বশিষ্ঠ আৰক্ষী থানাত গোচৰ ৰুজু কৰাৰ লগতে কেইবাটাও ধাৰা সংযোগ কৰিছে আৰু মিন্টু শৰ্মা আৰু আশ্বিফ ইকবাল হুছেইনক বশিষ্ঠ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।