গুৱাহাটী, ১৩ জুনঃ মহানগৰীৰ সোনাপুৰৰ এখন প্ৰাথমিক বিদ্যালয়ৰ পকীবেৰ ভাঙিলে বনৰীয়া হাতীৰ জাকে। সোনাপুৰৰ আৰক্ষী চকীৰ অন্তৰ্গত আমৰাবাটি গাৱত থকা আমৰাবাটি প্ৰাথমিক বিদ্যালয়খনৰ পকীবেৰ ভাঙি যায় আমচাং অভয়াৰণ্যৰ পৰা ওলাই অহা এক হাতীৰ জাকে। বিদ্যালয়খনৰ পকীবেৰ ভাঙি যোৱাত বৰ্তমান বিদ্যলয়খনত পাঠদান কৰাত অসুবিধাৰ সম্মুখীন হৈছে বিদ্যালয়খনৰ শিক্ষাকসকল। স্থানীয় বাসিন্দাই জানিবলৈ দিয়া মতে খাদ্যৰ সন্ধানত আমচাং অভয়াৰণ্যৰ পৰা এনেদৰে  হাতীৰ জাক ওলাই আহি বিভিন্ন সময়ত গাৱত প্ৰৱেশ কৰি এনেদৰে ক্ষিত সাধন কৰে, কিন্তু বিদ্যালয়ৰ পকীবেৰ ভাঙাত শিক্ষকসকল চিন্তিত হৈ পৰিছে।