মানিকপুৰ, ১৩ জুনঃ বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী চকীৰ অন্তৰ্গত  বাংলাপাৰাত যোৱা নিশা এজন যুৱকক মাৰপিট কৰা ঘটনা সংঘটিত হয়। নাম্বাৰপাৰাৰ ইব্ৰাহিম আলীৰ পুত্ৰ আব্দুল্লা মিয়া(১৭) যোৱা নিশা বাংলাপাৰাৰ পৰা নাম্বাৰপাৰা ৩য় খণ্ডৰ নিজ ঘৰলৈ আহি থকা অৱস্থাত  বাটত দুই দুৰ্বৃত্ত ক্ৰমে আলহাজউদ্দিন আৰু ছুৰত আলীয়ে আক্ৰমণ কৰে । চোকা অস্ত্ৰ, দা, ৰড তথা লাঠিৰ আক্ৰমণত সংকটজনক অৱস্থাত কোকিলা আৰক্ষীয়ে আব্দুল্লাক উদ্বাৰ কৰে। আৰক্ষীয়ে পিছত আব্দুল্লাক মানিকপুৰ আদৰ্শ চিকিৎসালয়ত চিকিৎসাৰ বাবে লৈ যায় যদিও আব্দুল্লাৰ   অৱস্থা অধিক সংকটজনক হোৱাত চিকিৎসকে আব্দুল্লাক বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আব্দুলাৰ পিতৃ ইব্ৰাহিম আলীয়ে কোকিলা আৰক্ষী চকীত আলহাজউদ্দিন আৰু ছুৰত আলীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে।