মানকাচৰ : আমছুৰ (AAMSU) অৱস্থান ধৰ্মঘট কাৰ্যসূচী। উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ আমছুৰ স্মাৰক পত্ৰ প্ৰেৰণ। ৭ দফীয়া দাবী লৈ উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে আমছুৱে। চৰকাৰ চৰকাৰ বিৰোধী শ্ল’গানেৰে উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখ উত্তাল কৰি তোলে।

দক্ষিণ শালমাৰা-মানকাচৰ (South Salmara-Mankachar) জিলাৰ সদৰ হাটশিঙিমাৰীত জিলা আমছুৱে এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত আমছুৱে ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি উপযুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰদান কৰে। ৭ দফীয়া দাবী লৈ আমছুৱে এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।

ৰাজ্যৰ চৰকাৰী বিদ্যালয় সমূহত ছাত্ৰ-ছাত্ৰীৰ অনুপাতে শিক্ষক নিযুক্তি প্ৰদান, জনসংখ্যা অনুপাতে চৰকাৰী চাকৰি প্ৰদান, বিদ্যালয় সমূহত শিক্ষক বদলিকৰণৰ পূৰ্বে সেই স্থানত অন্য শিক্ষক নিযুক্তি কৰা, মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰা, ভূমিহীন আৰু উচ্ছেদিত পৰিয়ালক ভূমিৰ পাট্টা প্ৰদান কৰা, বহিঃৰাজ্যত কৰ্মৰত শ্ৰমিক সকলক নিৰাপত্তা প্ৰদান কৰাৰ লগতে অৰুণাচল প্ৰদেশত মৃত্যু হোৱা শ্ৰমিক সকলৰ আত্মীয়ক ৫ লাখ টকাৰ আৰ্থিক অনুদান প্ৰদানৰ দাবীত আমছুৱে প্ৰতিবাদ সাব্যস্ত কৰে। উক্ত দাবী সমূহ অতি শীঘ্ৰে পূৰণ কৰিবলৈ উপযুক্তৰ জৰিয়তে আমছুৱে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে।

আমছুৰ নেতৃত্বত শতাধিক প্ৰতিবাদকাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে উপায়ুক্ত কাৰ্যালয়ৰ সম্মুখ উত্তাল কৰি তোলে। আমছুৱে ৭ দফীয়া দাবী পূৰণ নহ’লে অনাগত দিনত ধাৰাবাহিক আন্দোলন কৰি যাব বুলি চৰকাৰক হুংকাৰ প্ৰদান কৰে।