নিউজ ডেস্ক, ৩১ আগষ্ট, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই আগন্তুক উৎসৱৰ বতৰত যাত্ৰীসকলৰ অতিৰিক্ত ভ্ৰমণ সুবিধা আৰু সুগম যাতায়াত নিশ্চিত কৰাৰ বাবে তিনি যোৰ উৎসৱ বিশেষ ৰে’ল সেৱা সম্প্ৰসাৰণ কৰিছে। সম্প্ৰসাৰিত সেৱাসমূহৰ ভিতৰত ৰে’ল নং ০৫৭৩৬/০৫৭৩৫ (কাটিহাৰ–অমৃতসৰ–কাটিহাৰ), ৰে’ল নং ০৫৯৩২/০৫৯৩১ (ডিব্ৰুগড়–কলকাতা–ডিব্ৰুগড়) আৰু ৰে’ল নং ০৩৪০৭/০৩৪০৮ (ভাগলপুৰ–কাটিহাৰ–ভাগলপুৰ) উৎসৱ বিশেষ ৰে’ল অন্তৰ্ভুক্ত আছে।
অতিৰিক্ত ভিৰ আৰু উৎসৱৰ বতৰত যাত্ৰীৰ সম্ভাব্য অধিক ভিৰৰ প্ৰতি লক্ষ্য ৰাখি এই ৰে’লসমূহৰ সেৱা সম্প্ৰসাৰণ কৰা হৈছে। এই ৰে’লসমূহ বিদ্যমান সেৱাসূচী, সময়, ডবাৰ গঠন আৰু ষ্টপেজ অনুসৰি চলাচল কৰিব। ৰে’ল নং ০৫৭৩৬ (কাটিহাৰ–অমৃতসৰ) উৎসৱ বিশেষ ৰে’লখনে ৯ ছেপ্টেম্বৰৰ পৰা ২৫ নৱেম্বৰ, ২০২৬লৈ অতিৰিক্ত ১২ টা ট্ৰিপৰ বাবে কৰিব। উভতনি দিশত যাত্ৰাৰ দিশত ৰে’ল নং ০৫৭৩৫ (অমৃতসৰ–কাটিহাৰ) উৎসৱ বিশেষ ৰে’লখন ১১ ছেপ্টেম্বৰৰ পৰা ২৭ নৱেম্বৰ, ২০২৬ লৈ অতিৰিক্ত ১২ টা ট্ৰিপৰ বাবে চলাচল কৰিব।
ৰে’ল নং ০৫৯৩২ (ডিব্ৰুগড়–কলকাতা) উৎসৱ বিশেষ ৰে’লখন ৫ ছেপ্টেম্বৰৰ পৰা ২৮ নৱেম্বৰ, ২০২৬ লৈ অতিৰিক্ত ১৩ টা ট্ৰিপৰ বাবে চলাচল কৰিব। উভতনি যাত্ৰাৰ দিশত ৰে’ল নং ০৫৯৩১ (কলকাতা–ডিব্ৰুগড়) উৎসৱ বিশেষ ৰে’লখনে ৭ ছেপ্টেম্বৰৰ পৰা ৩০ নৱেম্বৰ, ২০২৬ লৈ অতিৰিক্ত ১৩ টা ট্ৰিপৰ বাবে চলাচল কৰিব। যাত্ৰীসকলৰ সুবিধাৰ বাবে এই ৰে’লসমূহ ২২ টা ডবাৰে পৰিচালন কৰা হ’ব। ৰে’ল নং ০৩৪০৭/০৩৪০৮ (ভাগলপুৰ–কাটিহাৰ–ভাগলপুৰ) উৎসৱ বিশেষ ৰে’ল দুখনৰ দৈনিক চলাচল বাহাল থাকিব। উভয় দিশত ২৯ আগষ্টৰ পৰা ৩০ নৱেম্বৰ, ২০২৬ লৈ ৯৪ টাকৈ ট্ৰিপৰ বাবে এই ৰে’ল দুখন চলাচল কৰিব।
এই বিশেষ ৰে’ল সেৱাসমূহৰ চলাচল আৰু সেৱাৰ সম্প্ৰসাৰণে যাত্ৰীসকলক অতিৰিক্ত ভ্ৰমণ বিকল্প প্ৰদান কৰাৰ লগতে ব্যস্ত ৰে’লপথসমূহত ভিৰ হ্ৰাস কৰাত যথেষ্ট সহায় কৰিব। এই ৰে’লসমূহৰ ষ্টপেজ আৰু সময়সূচীৰ বিস্তৃত বিৱৰণ তথ্য আইআৰচিটিচি ৱেবছাইট আৰু উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহত উপলব্ধ আছে। যাত্ৰীসকলক যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে উক্ত বিস্তৃত তথ্যসমূহ নিৰীক্ষণ কৰিবলৈ উত্তৰ পূব সীমান্ত ৰে’ল বিভাগৰ ফালৰ পৰা অনুৰোধ জনোৱা হৈছে।
