গুৱাহাটী, ৮ জুন, ২০২৩ : পুৱাই মহানগৰীত এক শোকাবহ পথ দুর্ঘটনাত প্ৰাণ হেৰুৱালে এগৰাকী ছাত্ৰী (Student killed in a road accident)। গণেশগুৰিত স্কুল বাছৰ খুন্দাত থিতাতে নিহত ছাত্ৰী। জ্যেষ্ঠ ভগ্নীৰ সৈতে স্কুটীৰে বিদ্যালয়লৈ গৈ আছিল ছাত্ৰী গৰাকী। দুৰ্ঘটনাৰ পিছতে গণেশগুৰিত সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ। গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰীক তীব্ৰ সমালোচনা উত্তেজিত ৰাইজৰ।

বৃহস্পতিবাৰে পুৱা প্ৰায় ৭.২০ বজাত মহানগৰীৰ গণেশগুৰিত এক শোকাবহ পথ দুর্ঘটনাত থিততে নিহত হয় এগৰাকী ছাত্ৰী। পুৱা জ্যেষ্ঠ ভগ্নীৰ সৈতে স্কুটীৰে
বিদ্যালয়লৈ গৈ থকা অৱস্থাত এখন স্কুল বাছৰ খুন্দাত নিহত হয় প্ৰিয়া কুমাৰী নামৰ ছাত্ৰী গৰাকী। জানিব পৰা মতে প্ৰিয়া কুমাৰী লিটল ফ্লাৱাৰ স্কুলৰ একাদশ শ্ৰেণীৰ ছাত্ৰী আছিল। পথ দুর্ঘটনাত থিতাতে নিহত হোৱা ছাত্ৰী গৰাকীৰ ঘৰ হেঙেৰাবাৰীত।

এক শোকাবহ পথ দুৰ্ঘটনাত প্ৰিয়া কুমাৰী জ্যেষ্ঠ ভগ্নীও অহাত হৈছে। জ্যেষ্ঠ ভগ্নীৰ সৈতে স্কুটীৰে বিদ্যালয়লৈ গৈ থকা অৱস্থাত ৰয়েল গ্ল’বেল স্কুলৰ এএছ-০১-পিচি-৭৪১১ নম্বৰৰ স্কুল বাছখনে স্কুটীত খুন্দা মৰাত এই দুর্ঘটনা সংঘটিত হয়। পথৰ কাষত প্ৰকাণ্ড গাঁত থকাৰ বাবেই এই শোকাবহ পথ দুর্ঘটনা সংঘটিত হোৱা বুলি প্ৰত্যক্ষদৰ্শী সকলে জানিবলৈ দিয়ে। দুর্ঘটনাৰ পিছতে দুর্ঘটনাস্থলীত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ।

ক্ষোভিত ৰাইজে গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰীক তীব্ৰ সমালোচনা কৰে। ৰাইজে কয় যে উন্নয়নৰ নামত মহানগৰীত যধেমধে পথ খান্দি গাঁত কিন্তু এই গাঁত সমূহত কোনো ধৰণৰ বেৰিকেড নাই। আনহাতে দুর্ঘটনা সংঘটিত হোৱাৰ আধা ঘন্টা পিছত দুর্ঘটনাস্থলীত আৰক্ষীৰ লোক আৰু ১০৮ এম্বুলেন্স উপস্থিত হোৱা বুলিও ক্ষোভ উজাৰে ৰাইজে। একাংশ ৰাইজৰ লগত আৰক্ষীয়ে দূৰব্যৱহাৰ কৰা বুলিও ৰাইজে অভিযোগ কৰে।

ইফালে দুর্ঘটনা সংঘটিত কৰিয়ে ৰয়েল গ্ল’বেল স্কুলৰ ১৫ নং স্কুল বাছখনলৈ পলায়ন কৰে চালকজন। পৰৱৰ্তী সময়ত স্কুল বাছখনৰ চালক বিপুল বড়ো বশিষ্ঠ থানাত আত্মসমৰ্পণ কৰে। দুর্ঘটনা সন্দৰ্ভত একাংশ প্ৰত্যক্ষদৰ্শীয়ে ৰয়েল গ্ল’বেল স্কুলৰ বিৰুদ্ধে থানাত অভিযোগ দাখিল কৰিছে। অভিযোগত যধেমধে পথৰ ওপৰত গাঁত খান্দি উন্মুক্তভাৱে ৰখা জাইকাৰ কথাও উল্লেখ কৰা হৈছে।