গুৱাহাটী, ৮ জুন, ২০২৩ : জাইকাই (Jaica) মহানগৰীৰ যধে মধে পাতিছে মৰণফান্দ। জাইকাৰ বাবে প্ৰাণ হেৰুৱালে এগৰাকী ছাত্ৰীয়ে। স্কুল বাছৰ খুন্দাত নহয়, জাইকাৰ গাঁতৰ বাবে প্ৰাণ গ’ল প্ৰিয়া কুমাৰী নামৰ ছাত্ৰী গৰাকীৰ। পানীৰ পাইপৰ নামত মহানগৰীৰ পথে পথে গাঁত খান্দি মৰণফাণ্ড পাতিছে জাইকাই। কিছুদিন পূৰ্বে জাইকাৰ পানীৰ পাইপ বিস্ফোৰণ ঘটি মৃত্যু হৈছিল এগৰাকী মহিলাৰ।

বৃহস্পতিবাৰে পুৱাই মহানগৰীৰ গণেশগুৰিত সংঘটিত হয় এক শোকাবহ পথ দুর্ঘটনা। এই শোকাবহ পথ দুর্ঘটনাত মৃত্যু হয় এগৰাকী ছাত্ৰীৰ। জ্যেষ্ঠ ভগ্নীৰ সৈতে স্কুটীৰে বিদ্যালয়লৈ গৈ থকা অৱস্থাত দুর্ঘটনাত পতিত হৈ থিততে নিহত হয় লিটল ফ্লাৱাৰ স্কুলৰ একাদশ শ্ৰেণীৰ ছাত্ৰী প্ৰিয়া কুমাৰী। প্ৰথম অৱস্থাত ৰয়েল গ্ল’বেল স্কুলৰ এএছ-০১-পিচি-৭৪১১ নম্বৰৰ এখন স্কুল বাছৰ খুন্দাত প্ৰিয়া কুমাৰী মৃত্যুৰ মুখত পৰা বুলি সন্দেহ প্ৰকাশ কৰা হৈছিল যদিও চি চি টিভিৰ দৃশ্যই উদঙালে দুর্ঘটনাৰ প্ৰকৃত কাৰণ।

চি চি টিভিত আৱদ্ধ হোৱা দুর্ঘটনা দৃশ্যই স্পষ্ট কৰে যে প্ৰিয়া কুমাৰী নামৰ ছাত্ৰী গৰাকীৰ মৃত্যু স্কুল বাছৰ খুন্দাত নহয়, পথত থকা প্ৰকাণ্ড গাঁতৰ বাবে হৈছে। পানীৰ পাইপৰ নামত জাইকাই খন্দা প্ৰকাণ্ড গাঁতৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই স্কুটীখন বাগৰি পৰে আৰু সেই সময়ে কাষেৰে গৈ থকা স্কুল বাছখনৰ পিছৰ চকাত পৰি থিতাতে নিহত হয় প্ৰিয়া কুমাৰী নামৰ ছাত্ৰী গৰাকী। দুৰ্ঘটনাৰ পিছতে অঞ্চলটোত সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ। উত্তেজিত প্ৰত্যক্ষদৰ্শীয়ে ক্ষোভ উজাৰৰ লগতে গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী গৰাকীক তীব্ৰ সমালোচনা কৰে।

উল্লেখ্য যে জাইকাই পানীৰ পাইপৰ নামত মহানগৰীৰ যধে মধে পথ খান্দি প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি কৰিছে। এই গাঁত সমূহত কোনো ধৰণৰ বেৰিকেডৰ ব্যৱস্থা নকৰি গাঁত সমুহ উন্মুক্ত কৰি ৰখাৰ বাবে প্ৰত্যক্ষদৰ্শীয়ে অসন্তুষ্টি প্ৰকাশ কৰি প্ৰিয়া কুমাৰী নামৰ ছাত্ৰী গৰাকীৰ মৃত্যুৰ বাবে জাইকা দায়ী বুলি অভিযোগ কৰে। একাংশ প্ৰত্যক্ষদৰ্শীয়ে ইয়াৰ বাবে গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী গৰাকীও জগৰীয়া বুলি ক্ষোভ উজাৰে। আনহাতে দুর্ঘটনা সংঘটিত হোৱাৰ আধা ঘন্টা পিছত দুর্ঘটনাস্থলীত আৰক্ষীৰ লোক আৰু ১০৮ এম্বুলেন্স উপস্থিত হোৱা বুলিও জানিবলৈ দিয়ে প্ৰত্যক্ষদর্শীয়ে।
একাংশ প্ৰত্যক্ষদৰ্শীৰ লগত আৰক্ষীয়ে দূৰব্যৱহাৰ কৰা বুলিও অভিযোগ কৰে।

ইফালে দুর্ঘটনা সংঘটিত কৰিয়ে ৰয়েল গ্ল’বেল স্কুলৰ ১৫ নং স্কুল বাছখনলৈ পলায়ন কৰে চালকজন। পৰৱৰ্তী সময়ত স্কুল বাছখনৰ চালক বিপুল বড়ো বশিষ্ঠ থানাত আত্মসমৰ্পণ কৰে। দুর্ঘটনা সন্দৰ্ভত একাংশ প্ৰত্যক্ষদৰ্শীয়ে ৰয়েল গ্ল’বেল স্কুলৰ বিৰুদ্ধে থানাত অভিযোগ দাখিল কৰিছে। অভিযোগত যধেমধে পথৰ ওপৰত গাঁত খান্দি উন্মুক্তভাৱে ৰখা জাইকাৰ কথাও উল্লেখ কৰা হৈছে। কিছুদিন পূৰ্বে মহানগৰীৰ খাৰঘুলিৰ জয়পুৰত জাইকাৰ পানীৰ পাইপ বিস্ফোৰণ ঘটি বানপানী সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে য’ত এগৰাকীৰ মহিলাৰ মৃত্যু হৈছিল।