মেঘালয় : মেঘালয়ত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। এই বিধ্বংসী অগ্নিকাণ্ডত ভস্মীভূত হয় ১২ লক্ষাধিক টকাৰ সম্পত্তি। এজন লোকৰ ঘৰ সম্পূৰ্ণৰূপে জাহ যায় জুইত। অগ্নিকাণ্ডৰ পিছতে সৃষ্টি হয় এক আতংকময় পৰিস্থিতিৰ।

মেঘালয়ৰ ৰি-ভৈ জিলাৰ খানাপাৰাৰ অন্তৰ্গত মছমাইবস্তিত বুধবাৰে সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। অৰ্জুন মৰাছিনা নামৰ এজন লোকৰ ঘৰত সংঘটিত হয় এই বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডত লোকজনৰ ঘৰ সম্পূৰ্ণৰূপে জুইত জাহ যায়।

অগ্নিকাণ্ডৰ পিছতে অঞ্চলটোত এই আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়। স্থানীয় ৰাইজে জুই নিৰ্বাপনৰ চেষ্টা চলাই যদিও জুই নিৰ্বাপন কৰিবলৈ সক্ষম নহয়। অগ্নিকাণ্ডত ১২ লক্ষাধিক টকাৰ সম্পত্তি জ্বলি ভষ্ম হয়।

অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই। অঞ্চলটোৰ একাংশ লোকে সন্দেহ প্ৰকাশ কৰে যে পূজা ঘৰৰ চাকিৰ পৰা জুইৰ সূত্ৰপাত হৈছে। অগ্নিকাণ্ডৰ সময়ত ঘৰৰ সকলো লোক বাহিৰত আছিল। পৰৱৰ্তী সময়ত অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰে।